ধেমাজিত লোৰ গেট ভাঙি চোৰে নিলে মটৰ চাইকেল

ধেমাজি সদৰ আৰক্ষী থানাত সোনমনি দুৱৰাই এজেহাৰ দাখিল কৰা পিছত ধেমাজি সদৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে

author-image
Asomiya Pratidin
New Update
ধেমাজিত লোৰ গেট ভাঙি চোৰে নিলে মটৰ চাইকেল

ডিজিটেল সংবাদ,ধেমাজিঃ লোৰ গেট ভাঙি চোৰে নিলে মটৰচাইকেল। এই ঘটনা সংঘটিত হৈছে ধেমাজি নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ ষ্টেডিয়ামৰ সমীপত। জানিব পৰা মতে, বৃহস্পতিবাৰে মাজনিশা ঘৰত কোনো নথকা সুযোগ গ্ৰহন কৰি লোৰ গেট ভাঙি সোনমনি দুৱৰা নামৰ লোকজনৰ ঘৰৰ পৰা এ.এচ -২২ এইচ ৪৯৪৫ নম্বৰৰ পাতল ক'লা বৰণৰ এভেঞ্জাৰ মটৰচাইকেলখন চুৰি কৰি লৈ যায় ৷

উল্লেখ যোগ্য যে কেইমাহমান আগতে ধেমাজি সদৰ আৰক্ষীয়ে কেইবাজনো মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰি চোৰৰ স্বীকাৰোক্তি ভিত্তিত ধেমাজি ,লখিমপুৰ ,ডিব্ৰুগড় আৰু অৰুণাচলৰ কেইবাটাও স্থানৰ পৰা এশৰো অধিক চুৰি মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ইতিমধ্যে গ্ৰেপ্তাৰ হৈ জেল হাজোতত থকা মটৰচাইকেল চোৰৰ দল পৰবৰ্তী সময়ত জামিনত মুক্তি লাভ কৰা পিছৰে পৰাই ধেমাজি নগৰখনৰ অলিয়ে - গলিয়ে পুনৰ মটৰচাইকেল চুৰি কাৰ্য সংঘটিত হৈ থকা আশংকা কৰা হৈছে ৷

ইতিমধ্যে বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা মটৰচাইকেল চুৰি ঘটনাৰ সংক্ৰান্তত শুকুবাৰে ধেমাজি সদৰ আৰক্ষী থানাত সোনমনি দুৱৰাই এজেহাৰ দাখিল কৰা পিছত ধেমাজি সদৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৷

Also Read: পুনৰ চৰ্চাত তিনিচুকীয়া পৌৰসভা : নিৰ্মাণৰ এমাহতেই ভাগিল কালভাৰ্ট

crime Assam police