পুনৰ চৰ্চাত তিনিচুকীয়া পৌৰসভা : নিৰ্মাণৰ এমাহতেই ভাগিল কালভাৰ্ট

পৌৰসভাৰ কাম-কাজত জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি দিয়াতো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে
পুনৰ চৰ্চাত তিনিচুকীয়া পৌৰসভা : নিৰ্মাণৰ এমাহতেই ভাগিল কালভাৰ্ট

ডিজিটেল সংবাদ, তিনিচুকীয়া : ব'ৰ্ড গঠন হোৱাৰ কিছুদিনৰ পিছতেই আভ্যন্তৰীণ অন্ত:কন্দল, ক্ষমতাৰ খোৱা-কামোৰাত ব্যতিব্যস্ত হৈ থকা তিনিচুকীয়া পৌৰসভা এসময়ত সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছিল । তাৰ পাছত ৰাজ্যিক বিজেপিৰ হস্তক্ষেপত পৌৰসভাৰ পূৰ্বৰ ব'ৰ্ড ভংগ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰে নতুন ব'ৰ্ড গঠন হয়।

কিন্তু তাৰমাজতে শেহতীয়াকৈ নিৰ্মাণ সম্পৰ্কীয় কিছু কাম-কাজ তথা অনিয়মক লৈ পুনৰ চৰ্চালৈ আহিছে তিনিচুকীয়া পৌৰসভা । স্মৰ্তব্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী তিনিচুকীয়াৰ সদাব্যস্ত চাইডিং বজাৰৰ প্ৰৱেশ পথত থকা কালভাৰ্টটো সুদীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত জহি-খহি গৈছিল ।

কালভাৰ্টটোৰ এটা অংশ ভাঙি বহি যোৱাত সংঘটিত হৈছিল কেইবাটাও দুৰ্ঘটনা । বিভিন্ন পক্ষৰ অভিযোগৰ অন্তত ২০২০-২১ বৰ্ষৰ পঞ্চম বিত্তীয় আয়োগৰ ধনেৰে অলপতে নিৰ্মাণ কৰি উলিওৱা হয় কালভাৰ্টটো । মুঠ ৪ লাখ ৩৭ হাজাৰ ২৯২ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা কালভাৰ্টটো পিছে উদ্বোধনৰ এটা মাহৰ পিছতে ভাঙি যায় । ইয়াকে লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

জানিব পৰা মতে, মেঘা এণ্টাৰপ্ৰাইজেছ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে কালভাৰ্টটো নিৰ্মাণৰ ঠিকা আবন্টন পাইছিল । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে কালভাৰ্টটোৰ শুভ উদ্বোধন কৰিছিল । পিছে উদ্বোধনৰ এটা মাহ অতিক্ৰম কৰোতেই বহি পৰে কালভাৰ্টটো ।

প্ৰাপ্ত অভিযোগ অনুসৰি বৃহস্পতিবাৰে চাইডিং বজাৰৰ পৰা সামগ্ৰী বোজাই কৰা এখন ট্ৰাক কালভাৰ্টটো অতিক্ৰম কৰোতে ওজন বহন কৰিব নোৱাৰি কালভাৰ্টটোৰ এটা অংশ ভাঙি যায় আৰু ট্ৰাকখনৰ চকা সোমাই পৰে । নিম্ন মানদণ্ডৰে কালভাৰ্টটো নিৰ্মাণ সম্পূৰ্ণ কৰা বুলি এতিয়া চহৰখনত চৰ্চিত হৈছে ।

ঠিকাদাৰী প্ৰতিষ্ঠাটোৱে কালভাৰ্টটো নিৰ্মাণত অন্যায়-অনিয়মত লিপ্ত হোৱা বুলি সকলোৱে অভিযোগ তুলিছে । এইক্ষেত্ৰত পৌৰসভাৰ অভিযন্তা, কাৰ্যবাহী বিষয়া, পৌৰপতিৰ ওপৰতো আঙুলি তুলিছে চহৰবাসীয়ে ।

ইফালে বিষয়টোৰ সন্দৰ্ভত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । প্ৰণিধানযোগ্য যে, তিনিচুকীয়াৰ চাইডিং বজাৰ উজনি অসমৰ সৰ্ববৃহৎ শস্যৰ বজাৰ হিচাপে পৰিচিত । এই বজাৰত দৈনিক শ শ বাহনে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী তথা অন্যান্য বিভিন্ন সামগ্ৰীৰ উঠা-নমাত ব্যস্ত থাকে ।

ইফালে তিনিচুকীয়া পৌৰসভাত ঠিকাৰ নামত এটা চক্ৰই ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । ৰাজনৈতিক আৰ্শীবাদত এই চিণ্ডিকেট চক্ৰই বিভিন্ন ফাৰ্মৰ নামত কামৰ আবন্টন লাভ কৰা বুলিও চৰ্চিত হৈছে ।

একাংশই তিনিচুকীয়া পৌৰসভাৰ কোনো কামতে স্বচ্ছতা নাই বুলিও মন্তব্য আগবঢ়াইছে । তেনেস্থলত পৌৰসভাৰ কাম-কাজত জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি দিয়াতো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে ।

পুনৰ চৰ্চাত তিনিচুকীয়া পৌৰসভা : নিৰ্মাণৰ এমাহতেই ভাগিল কালভাৰ্ট
ঢকুৱাখনা উন্নয়ন খণ্ডত স্বয়ম্ভূ ৱাৰ্ড সদস্যৰ আঁচনিৰ নামত ধন সংগ্ৰহ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in