/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e218365f-547d-46af-86e4-9dc6b7921827/sarba_daa.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : অহা ১৬ জুনত কলিয়াবৰ লোকসভা সমষ্টি তথা সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিত অনুষ্ঠিত হ'ব বিজেপিৰ বিশাল ৰাজহুৱা সভা ৷ সভাত উপস্থিত থাকিব কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি দলৰ কেন্দ্ৰীয় বিষয়ববীয়া ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/86324f9f-326d-4cc2-9b60-a8770c4dc0cf/FxdYF42XsAAT27_.jpg)
সেই উপলক্ষে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰঙিৰ দৈগ্ৰোং বাগিছা খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজহুৱা বিশাল সভাৰ স্থান সম্পৰ্কে বুজ লয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f9543e98-37ec-4ebe-995d-268db9da29f2/FxdYGa6WcAE6PuI.jpg)
সেই উদ্দেশ্যে মন্ত্ৰী সোনোৱালে গোলাঘাট জিলাৰ দলীয় বিষয়ববীয়াসকলৰ লগত এক আলোচনাত মিলিত হয়। মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাছা,থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, জিলা সভাপতি দেৱপ্ৰদীপ বৰা, বিজেপিৰ অসম প্ৰদেশৰ সম্পাদক পুলক গোহাঁইৰ লগতে শীৰ্ষ বিষয়ববীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/263b1955-8183-49c4-8433-09141adb717d/FxdYGKLWIAMxUF_.jpg)
Also Read: ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত বৰসবাহ মহোৎসৱৰ আয়োজন