/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8b01132f-1020-41bb-af97-7d24477c2674/503.jpg)
ডিজিটেল সংবাদ,হাজো : অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ সু-খবৰ কঢ়িয়াই আনিছে হাজোৰ নিবিড় কাশ্যপে। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত মাৰ্শ্বাল আৰ্টত উজলি উঠিছে প্ৰতিশ্ৰুতিসম্পন্ন কিশোৰ নিবিড় কাশ্যপ।
মুম্বাইত অনুষ্ঠিত মাৰ্শ্বাল আৰ্টৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান তথা হাজোৰ নিবিড় কাশ্যপ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি তেঁও স্বৰ্ণ পদক লাভ কৰে।
হাজোৰ বৃহত্তৰ ৰামদিয়া অঞ্চলৰ মাৰ্শ্বাল আৰ্ট প্ৰশিক্ষক নৱদ্বীপ মেধিৰ নেতৃত্বত মুম্বাইলৈ গৈছিল নিবিড়সহ উত্তৰ পূৰ্বাঞ্চলৰ তিনিজনখেলুৱৈ। ইয়াৰ ভিতৰত হীৰক কলিতাই ৰূপৰ পদক অৰ্জন কৰে।
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা দুয়োগৰাকী খেলুৱৈকে হাজোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা নথকৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাত অঞ্চলজুৰি সৃষ্টি হৈছে আনন্দৰ উচাহ।