/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9c31a3e9-32d3-4fbb-a8b0-63f99bc03242/kaziranga.jpg)
নামতহে আছে ৰাজ্যৰ পৰ্যটন বিভাগ ! কাজিৰঙাত পৰ্যটন বিভাগৰ পুতৌ লগা ছবি..
ডিজিটেল ডেস্ক: চলিত পৰ্যটন বৰ্ষৰ প্ৰথম তিনিমাহতে অভিলেখ সংখ্যক পৰ্যটকৰ আগমন হৈছে কাজিৰঙাত। ইতিমধ্যে ৩ কোটিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্যৰ বন বিভাগে। কিন্তু যি সময়ত কাজিৰঙালৈ পৰ্যটকৰ সোঁত বৈছে সেই সময়ত কি পৰ্যায়ত আছে কাজিৰঙাত থকা অসম পৰ্যটন বিভাগটো ?
আপুনি জানি আচৰিত হব যে কাজিৰঙাত কেৱল নামতহে আছে ৰাজ্যৰ বিয়াগোম পৰ্যটন বিভাগ। যি সময়ত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যৰ পৰ্যটনক পূৰ্ণাংগ উদ্যোগৰ মৰ্যাদা প্ৰদান কৰিছে সেই সময়ত কাজিৰঙাত উন্মোচন হৈছে পৰ্যটন বিভাগৰ পুতৌলগা ছবিখন।
কাজিৰঙাত থকা অসম পৰ্যটন বিভাগৰ কৰ্মচাৰী থাকে জৰাজীৰ্ণ চৰকাৰী আৱাস গৃহত। চালত ইটা,পলিথিন দি ৰ'দ-বৰষুণৰ পানীৰ পৰা বাচিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ। কাজিৰঙাৰ কহঁৰাত থকা অসম পৰ্যটন নিগমৰ অধিকাংশ চৰকাৰী কৰ্মচাৰী থকা আৱাসৰ একেই দুৰৱস্থা। জহি খহি যোৱা ঘৰ সমূহ কোনোমতেহে থিয় হৈ আছে। বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত এনেকৈ এতিয়া জৰাজীৰ্ণ হৈ পৰিছে আৱাস সমূহ। কৰ্মচাৰী সকলে বহু সময়ত পকেটৰ ধন খৰচ কৰি মেৰামতি কৰিবলগীয়া হয় জহি খহি যোৱা এই আৱাস সমূহ।
ইফালে চৰকাৰী আৱাসত চাৰিসীমা নথকাৰ ফলত পহু,বনৰীয়া ম'হ প্ৰৱেশ কৰে আৱাসীক এলেকাৰ চৌহদত। এই সন্দৰ্ভত কাজিৰঙাত থকা পৰ্যটন বিভাগৰ উপ সঞ্চালকক বহুবাৰ আবেদন নিবেদন কৰা হৈছে যদিও গুৰুত্ব নাই বিষয়াগৰাকীৰ। মুঠতে চৰম অচলাৱস্থাত একপ্ৰকাৰ মৃত্যুমুখী কাজিৰঙাত থকা অসম পৰ্যটন বিভাগ।
আৰু পঢ়ক: খেল-ধেমালি, থলুৱা খাদ্য সমাহাৰেৰে উজ্জীৱিত ঘিলামৰাৰ 'উত্তৰণ অসমী মেলা'....