খেল-ধেমালি, থলুৱা খাদ্য সমাহাৰেৰে উজ্জীৱিত ঘিলামৰাৰ 'উত্তৰণ অসমী মেলা'....

স্ব-উৎপাদিত খাদ্য সামগ্ৰী, বস্ত্ৰ সম্ভাৰ আৰু অন্যান্য সামগ্ৰীৰ সুলভ মূল্যত বিক্ৰীৰ লক্ষ্যৰে শনিবাৰৰ পৰা দুদিনীয়াকৈ ঘিলামৰাত অনুষ্ঠিত হয় 'উত্তৰণ অসমী মেলা'।
খেল-ধেমালি, থলুৱা খাদ্য সমাহাৰেৰে উজ্জীৱিত ঘিলামৰাৰ 'উত্তৰণ অসমী মেলা'....
খেল-ধেমালি, থলুৱা খাদ্য সমাহাৰেৰে উজ্জীৱিত ঘিলামৰাৰ 'উত্তৰণ অসমী মেলা'....

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত গ্ৰামীণ কৰ্মমুখী মহিলা আত্মসহায়ক গোট সমূহৰ স্ব-উৎপাদিত খাদ্য সামগ্ৰী, বস্ত্ৰ সম্ভাৰ আৰু অন্যান্য সামগ্ৰীৰ সুলভ মূল্যত বিক্ৰীৰ লক্ষ্যৰে শনিবাৰৰ পৰা দুদিনীয়াকৈ ঘিলামৰাত অনুষ্ঠিত হয় 'উত্তৰণ অসমী মেলা'।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ঘিলামৰা আৰু ঢকুৱাখনা খণ্ড প্ৰকল্প পৰিচালনা গোটৰ সৌজন্যত আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত এই মেলাৰ দেওবাৰে দ্বিতীয় তথা অন্তিম দিনা পুৱাৰে পৰা বিয়লি পৰ্যন্ত দুয়োটা উন্নয়ন খণ্ডৰ খণ্ড বিভাগীয় বিষয়ববীয়া সকলৰ লগতে জীৱিকা সখী, কৃষি সখী, পশু সখী, বেংক মিত্ৰ সকলৰ লগতে চি এল এফ সকলৰ অংশ গ্ৰহনেৰে জীপাল হৈ পৰে 'উত্তৰণ অসমী মেলা' প্ৰাংগণ।

পুৱাৰভাগত ঢকুৱাখনা উন্নয়ন খণ্ডৰ ব্লক সমন্বয়ক মৃদুল বৰুৱাৰ সঞ্চালনাত মিউজিক শ্বেয়াৰ খেল , টেকেলি ভঙা খেল, ফেশ্বন শ্ব, নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহকুমাধিপতি অৰিন্দম বৰুৱা উপস্থিত থকা বিয়লিৰ কাৰ্যসূচীত আত্মসহায়ক গোট সমূহৰ যথেষ্ট সংখ্যক উৎপাদিত সামগ্ৰী বিক্ৰী হোৱা বুলি আয়োজক সকলে জানিবলৈ দিয়ে । সন্ধিয়ালৈ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত মেলাৰ সফল সামৰণি পৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in