দুদিনৰ বাবে বন্ধ থাকিব কাজিৰঙাৰ ছাফাৰি সেৱা..

শেহতীয়া এক নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহত দুটা দিনৰ বাবে ব্ন্ধ থাকিব সেৱাসমূহ । ৬ আৰু ৭ এপ্ৰিলত ফুৰিবলৈ অহা পৰ্যটকে লাভ নকৰিব এই সেৱা ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ফটো-সংগ্ৰহ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফটো-সংগ্ৰহ

ডিজিটেল ডেস্কঃ কাজিৰঙালৈ এই বহু প্ৰকৃতিপ্ৰেমীয়ে ফুৰিব যায় । এই সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে । বৰ্তমানৰ সময়তো কাজিৰঙালৈ প্ৰতিদিনে শ শ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ।

ফুৰিবলৈ আহি বহু পৰ্যটকে হাতী চাফাৰি জীপ চাফাৰি সহায়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দ্যৰ্যৰ লগতে জীৱ-জন্তু দৰ্শন কৰে । শেহতীয়া এক নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহত দুটা দিনৰ বাবে ব্ন্ধ থাকিব সেৱাসমূহ । ৬ আৰু ৭ এপ্ৰিলত ফুৰিবলৈ অহা পৰ্যটকে লাভ নকৰিব এই সেৱা ।

উল্লেখ্য যে কঁহৰা, বাগৰিত বন্ধ থাকিব দুয়োটা সেৱা । ইয়াৰ পৰিৱৰ্তে ঘোঁৰাকাটি, বুৰাপাহাৰ, আগৰতলি ৰেঞ্জত অব্যাহত থাকিব সেৱাসমূহ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ফটো-সংগ্ৰহ
কাৰ পক্ষত আপুনি, এল এছ জি নে দিল্লী? চাওঁক কাৰ শক্তি কিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in