
ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰী জিলা প্ৰশাসন সহযোগত আৰু জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলি থকা হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ দেওবাৰে সন্ধিয়া ৯.৩০ বজাৰ পৰা প্ৰথম ছেমি ফাইনেল অনুষ্ঠিত হয়।
প্ৰথম ছেমি ফাইনেলত জ্ঞান বিকাশ একাডেমীৰ মুখামুখী হয় দাফাদাৰপাৰা নাইন ষ্টাৰ ক্ৰিকেট দল।
খেলখনত জ্ঞান বিকাশ একাডেমী নিৰ্ধাৰিত ১০ অভাৰত ৬ উইকেট হেৰুৱাই ৮৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দাফাদাৰপাৰা দল ১০ অভাৰত ৭ উইকেট হেৰুৱাই ৮৫ ৰান সংগ্ৰহ কৰি ৩ উইকেটৰ ব্যৱধানত পৰাস্ত হয়।
টুৰ্ণামেণ্টখনৰ দ্বিতীয় ছেমি ফাইনেল সোমবাৰে নিশা ৯ বজাত ডমিনেটৰ্চ এফ চি আৰু বি.জে.ওৱাই এম ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব।
এই টু্ৰ্ণামেণ্ট খনত মুঠ ৩২ টা দল অংশগ্ৰহন কৰিছিল। টুৰ্ণামেণ্টত চুৰান্ত বিজয়ী দলক ট্ৰফীসহ নগদ ১ লাখ ১১ হেজাৰ ১০১ টকা প্ৰদান কৰা হব।
আনহাতে ৰানাৰ্চ আপ দলক ট্ৰফীসহ নগদ ৫৫ হেজাৰ টকা প্ৰদান কৰা হব বুলি এইচ পি এল কতৃপক্ষই জানিবলৈ দিছে।