ঢকুৱাখনাত ৫ ৰাজহ কৰ্মচাৰীক অৱসৰকালীন  সম্বৰ্ধনা...

ঢকুৱাখনাত ৫ ৰাজহ কৰ্মচাৰীক অৱসৰকালীন  সম্বৰ্ধনা...

ডিজিটেল সংবাদ,ঢকুৱাখনা: ভূমি ৰাজহ বিভাগৰ একোগৰাকী সৎ আৰু সমাজ দায়বদ্ধ কৰ্মচাৰী হিচাবে নিষ্ঠাবান সেৱা আগবঢ়াই যোৱা ৫ গৰাকী ৰাজহ কৰ্মচাৰীক  শনিবাৰে অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয়।

ঢকুৱাখনা ৰাজহ চক্ৰৰ গাঁও প্ৰধান ভৱন প্ৰাঙ্গনত শনিবাৰে বিয়লি অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা সভা। ঢকুৱাখনা ৰাজহ চক্ৰ ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত জিলা সন্থাৰ সহযোগত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে ঢকুৱাখনাৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ দত্তই। আয়োজক ঢকুৱাখনা সন্থাৰ সভাপতি দীপক গগৈয়ে উদেশ্য ব্যাখা কৰা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ অৱসৰপ্ৰাপ্ত ভূমিলেখ্য কৰ্মচাৰী আৰু পৰ্যবেশক কাননগুহ সকলৰ লগতে ৰাজহ বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।

ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতা, সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, মিটা বৃন্দা আদি কেইবাগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত থকা সভাত ৰাজ্যিক ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উপ সভাপতি কেশৱ দত্ত, সাংগঠনিক সম্পাদক ভুৱন শইকীয়া, জিলা সন্থাৰ সভাপতি ৰাজু খাৰঘৰীয়া , উপ সভাপতি হীৰেন দত্ত, পুতুল শইকীয়া, সম্পাদক কল্যান শইকীয়া, প্ৰাক্তন পৰ্যবেশক কাননগুহ ডিম্বেশ্বৰ গগৈ, দুলাল কোচকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যকে অংশগ্ৰহণ কৰে।

সভাত উপস্থিত শীর্ষ প্ৰশাসনীয় বিষয়া , জিলা আৰু ঢকুৱাখনা সন্থাৰ বিষয়ববীয়া তথা উপস্থিত অভ্যাগত সকলে অৱসৰী কৰ্মচাৰী সকলৰ নিষ্ঠাবান চৰকাৰী সেৱাৰ শ্রদ্ধাশীল স্মৰণ কৰি বক্তব্য আগবঢ়াই। এটা ৰাজহ চক্ৰৰ মূল চালিকা শক্তি স্বৰূপ এই দায়িত্বশীল কৰ্মচাৰী সকলৰ অতুল্য চৰকাৰী সেৱাৰ বাবেই ৰাজহ চক্ৰটোৰ সামগ্ৰিক সফলতা আৰু জনসেৱা নিৰ্ভৰ কৰে বুলি কৈ বক্তা সকলে  অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকলক  অৱসৰকালীন সময়বোৰ সমাজৰ হিতৰ বাবে  উৎসৰ্গা কৰাৰো আহ্বান জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

ঢকুৱাখনা ৰাজহ চক্ৰৰ পৰ্যবেশক কাননগুহ জীতেন গগৈ , দুলাল কোচ, ভূমিলেক্ষ্য সহায়ক ক্ষীৰেশ্বৰ শইকীয়া,জিতেন্দ্ৰ নাথ বৰা, বাণীকান্ত দেউৰী ভৰালীক জিলা আৰু ঢকুৱাখনা শাখা সন্থাৰ তৰফৰ পৰা প্ৰশংসা পত্ৰ, উপহাৰ টোপোলাৰে শ্রদ্ধাশীল  সম্বৰ্ধনা জনোৱা হয়।

ঢকুৱাখনা ৰাজহ চক্ৰৰ ভূমিলেক্ষ্য কৰ্মচাৰী সকলে চক্ৰটোৰ পৰা পৰ্যবেশক কাননগুহ হিচাবে নিষ্ঠাবান সেৱা আগবঢ়াই শনিবাৰে অৱসৰ গ্ৰহণ কৰা জীতেন গগৈক বিশেষ ভাবে সম্বৰ্ধনা জনাই। সঁফুৰা, ধৰ্মগ্ৰন্থ, গামোচা ,চেলেং চাদৰ আৰু ধৰ্মগ্ৰন্থৰে অৱসৰকালীন সম্বৰ্ধনা জনাই ৰাজহ চক্ৰটোৰ জনমুখী কৰ্মসংস্কৃতিৰ এক নব্য ধাৰা সৃষ্টিৰে  সফল গতি প্ৰদানকাৰী গগৈৰ একেমুখে গুণানুকীৰ্তন কৰি চক্ৰটোৰ কৰ্মচাৰী সকলে প্ৰশংসা পত্ৰৰে কৃতজ্ঞতা যাচে। অৱসৰ গ্ৰহণ কৰা জীতেন গগৈৰ পত্নীকো সম্বৰ্ধনা জনাই পৰৱৰ্তী সময়তো চক্ৰটোৰ কৰ্মচাৰী সকলৰ এগৰাকী দিক দৰ্শক হিচাবে দিহা পৰামৰ্শ আগবঢ়াই যাবলৈ অনুৰোধ জনাই ঢকুৱাখনা চক্ৰৰ কৰ্মচাৰী সকলে । সভাত বিদায়ী  কাননগুহ জিতেন গগৈয়েও চমু বক্তব্য আগবঢ়াই কৰ্মচাৰী সকলক পূৰ্বৰ দৰেই সততা আৰু নিষ্ঠাৰে চৰকাৰী সেৱা আগবঢ়াই যোৱাৰ পৰামৰ্শ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in