ছাগলী চোৰ আহিল বিলাসী গাড়ীৰে, ৰাইজে দিলে উত্তম-মধ্যম

সিহঁতৰ চাল চলনত ৰাইজৰ সন্দেহ হোৱাত ধৰি সোধা পোচ কৰাত ধৰা পৰে। ইয়াৰ পাছতে তিনি চোৰক ৰাইজে উত্তম মধ্যম সোধাই

author-image
Asomiya Pratidin
New Update
ছাগলী চোৰ আহিল বিলাসী গাড়ীৰে, ৰাইজে দিলে উত্তম-মধ্যম

ডিজিটেল সংবাদ,ৰূপহীহাট : ৰূপহীহাটত বিলাসী বাহনসহ ৩ জন গভাইত চোৰক বৃহস্পতিবাৰে ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ বিলাসী বাহনেৰে ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে ৩ গভাইত চোৰ।

এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ পুথিখাইটি গাঁওত । বিলাসী বাহনেৰে দীৰ্ঘদিনৰ পৰাই সংঘটিত কৰি আহিছিল চুৰি কাণ্ড এই কথা ৰাইজৰ মুখে মুখে। পিছে ৰাইজৰ হাততে বান্ধ খালে চোৰ কেইটাই৷

পুথিখাইটি গাঁৱত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাত চোৰৰ উপদ্ৰপে নিদ্ৰাহৰণ কৰি আহিছিল গাঁওবাসীৰ। এ এছ ০৪-ভি-১৪৮৮ নম্বৰৰ বিলাসী বাহনখনেৰে আহিছিল চুৰি কৰিবলৈ। সিহঁতৰ চাল চলনত ৰাইজৰ সন্দেহ হোৱাত ধৰি সোধা পোচ কৰাত ধৰা পৰে। ইয়াৰ পাছতে তিনি চোৰক ৰাইজে উত্তম মধ্যম সোধাই গাড়ীসহ গতাই দিয়ে কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষীক। আৰক্ষীয়ে চোৰ তিনিটাক আটক কৰি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Also Read: বৰপথাৰত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

crime Assam police