বৰপথাৰত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

হেমন্ত বৰাই এ এছ ০৫ জি ৮২২১ নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকাৰ অৱস্থাত কোনো অজ্ঞাত বাহনে খুন্দা মাৰি আতৰি যায়

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত বুধবাৰে গধূলি প্ৰায় ৬ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। জানিব পৰা মতে বৰপথাৰৰ টেঙানীৰ ১৬ নং দিঘলীপথাৰৰ দিগন্ত বৰা ওৰফে জান বৰাই বৰপথাৰ নগৰৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত এক পথ দুৰ্ঘনাত পতিত হৈ গুৰুতৰভাবে আহত হয়।

Advertisment

হেমন্ত বৰাই এ এছ ০৫ জি ৮২২১ নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকাৰ অৱস্থাত কোনো অজ্ঞাত বাহনে খুন্দা মাৰি আতৰি যায়। পিছত লোকজনৰ ঘটনাস্থলীতে নিহত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ধনশিৰি মহকুমাত একাংশ বাহনৰ দৌৰাত্ম ইমানেই বৃদ্ধি পাইছে যে ৰ্সবসাধাৰণ লোকৰ যাতায়তৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। একাংশ লোকে কৰা অভিযোগ অনুসৰি অঞ্চলতটোত নাম্বাৰ প্লেত বিহীন একাংশ বাহন বিশেষকৈ ডাম্পাৰে তীব্ৰ গতিত চলায় । এই ক্ষেত্ৰত প্ৰশাসনৰ দায়িত্বৰ কথা বিভিন্ন জনে মত প্ৰকাশ কৰিছে।

Also Read: শুকানপুখুৰী চাহ বাগিচাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক-পত্ৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ

Assam police