প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণক লৈ তৎপৰ যান-বাহন আৰক্ষী

প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণক লৈ তৎপৰ যান-বাহন আৰক্ষী

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণ সূচীৰে আজি শনিবাৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সন্ধিয়া ৭ বাজি ৩০ মিনিটত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । 

মোদীৰ অসম ভ্রমণক লৈ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা । মহানগৰীৰ কেইবাটাও পথৰ যান-বাহন চলাচলৰ গতিপথ সলনি কৰা হৈছে । গুৱাহাটীৰ সংলগ্ন NH-27 আৰু NH-17ত শনিবাৰে ৪-৬ চকীয়া গধুৰ সামগ্রী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । আজি দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা ।

আনহাতে পাঞ্জাবাৰী ৰোড, জি এছ ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোড, ডি জি ৰোডত ৩-৪ চকীয়া বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে । সেই অনুসৰি চিটি বাছ, ASTC বাছসমূহতো চলাচলত নিয়ম বান্ধি দিয়া হ’ব । জৰুৰীকালীন বাহন চলাচলত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই ।

৪ ফেব্ৰুৱাৰীত খানাপাৰাত প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল সভাত অংশ ল'ব। সেই সভাৰ পৰাই মোডীয়ে ভাৰ্চুৱেলী কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছে যোৰহাটত নিৰ্মাণ কৰি থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও।

এই প্ৰকল্প আৰু আঁচনিসমূহ ১১ হাজাৰ কোটি ব্যয়ৰে ৰূপায়ণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী হিচাপে এই কাৰ্যকালৰ এইটোৱেই হ'ব অসমলৈ অন্তিম ভ্ৰমণ।

প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণক লৈ তৎপৰ যান-বাহন আৰক্ষী
নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in