গ্ৰীণ জখলাবন্ধা ক্লিন জখলাবন্ধাৰ দুৰৱস্থা

গ্ৰীণ জখলাবন্ধা ক্লিন জখলাবন্ধাৰ দুৰৱস্থা

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ ব্যৱসায় বানিজ্যৰে ভৰপূৰ সৰু নগৰ খনেই হৈছে জখলাবন্ধা। উত্তৰ পূৰ্বাঞ্চলৰ এখন বৰ্ণাঢ্য বজাৰ হিচাপে চিহ্নিত হোৱা বৈচিত্ৰ্যময় এই জখলাবন্ধা এতিয়া এজাক সামান্য বৰষুণতে ৰাষ্ট্ৰীয় পথচোৱাৰ এচোৱা পানীত ডুব যোৱা ঘটনাই এতিয়া ব্যৱসায়ী সকলৰ লগতে উজনি নামনিৰ পৰা অহা যাত্ৰীসকলকো অতিষ্ঠ কৰি তোলা দেখা গৈছে।

উল্লেখ্য যে, যোৱা নিশা জখলাবন্ধাত এজাক বৰষুণে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ সদৃশ। উজনি নামনিৰ সংযোগ স্থল জখলাবন্ধা সৰু নগৰ খনত বাৰিষা কালত পানী জমা নহ'বৰ বাবে পথটোৰ দুয়ো কাষে কলিয়াবৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহন বিভাগে বৃহৎ ধন ব্যয়ৰে নলা নিৰ্মাণ কৰি পদ-পথ বনালে যদিও সেই নলা সমূহ বিভাগীয় কৰ্তৃপক্ষই সময়ে সময়ে পৰিষ্কাৰ নকৰাৰ বুলি অভিযোগ উঠিছে।

সেই বাবেই এতিয়া পথচোৱা এজাক সামান্য বৰষুণতে জলমগ্ন হোৱাত বৃহৎ সমস্যাৰ সৃষ্টি হৈছে। আনহাতে স্থানীয় একাংশ অসাধু ব্যৱসায়ীয়ে হোটেল অথবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা পেলনীয়া পানীৰ লগতে জাবৰ জোথৰ সমূহ কৃত্ৰিম উপায়েৰে পথৰ নলাত পেলোৱাৰ বাবেও পথৰ নলা সমূহ বোকা পানী জাবৰ জোথৰ আদিৰে ভৰি পৰাৰ ফলত এজাক বৰষুণতে ৰাষ্ট্ৰীয় পথচোৱাৰ পানী উপচি পৰাটো সকলোৱে দেখি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই নেদেখাৰ ভাও জোৰা বুলি অভিযোগ উঠিছে।

ক'বলৈ গ'লে এই জখলাবন্ধা নগৰ খন দেশৰ ভিতৰতে নহয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এখন সৰু ঠাই। চহৰকেন্দ্ৰীক নহ'লেও চহৰমুখী সদাজাগ্ৰত পৰিৱেশ, অহৰ্নিশাৰ ব্যস্তময় জীৱনে দেশী বিদেশী ভ্ৰমণকাৰী পৰ্যটক সকলক আকৰ্ষিত কৰি অহা জখলাবন্ধাক তদানীন্তন মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীয়ে সজাগতা মূলক দৃষ্টিভংগীৰে সদা পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থতে গ্ৰীণ জখলাবন্ধা ক্লিন জখলাবন্ধা নামেৰে গঢ়ি তোলা অনুষ্ঠানটো আজিও সক্ৰীয় হৈ আছে যদিও চৰকাৰী পক্ষৰ সদ্দিচ্ছাৰ অভাৱৰ বাৱেই তেওঁলোকো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে ।

ইয়াৰোপৰি সময়ে সময়ে চক্ৰ বিষয়া গৰাকীৰ নেতৃত্বত প্ৰশাসনৰ লোক সকলে পদ পথসমূহ যাতে সংশ্লিষ্ট ব্যৱসায়ী সকলে আবদ্ধ কৰিব নোৱাৰে তাক দৃষ্টি দি আহিছে যদিও এই বিষয় সমূহত বিষয়া গৰাকীয়ে চকু নিদিয়াটো অতিশয় দুৰ্ভাগ্যজনক বুলিও বৰ্তমান সময়ত বিবেচিত হৈছে।

গ্ৰীণ জখলাবন্ধা ক্লিন জখলাবন্ধাৰ দুৰৱস্থা
কাইলৈৰ পৰা বিজয়গাঁও বৰছৰাত তিনি দিনীয়াকৈ পালনাম মহোৎসৱৰ আয়োজন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in