কাইলৈৰ পৰা বিজয়গাঁও বৰছৰাত তিনি দিনীয়াকৈ পালনাম মহোৎসৱৰ আয়োজন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, চিৰাং : বঙাইগাঁও আৰু চিৰাং জিলাৰ সংগম স্থলীত অৱস্থিত বিজয়গাঁও বৰছৰা নামঘৰ প্ৰাঙ্গনত তিনি দিনীয়াকৈ ৪২ সংখ্যক পালনামৰ আয়োজন কৰা হৈছে । কাইলৈ অৰ্থাৎ ২৪, ২৫ আৰু ২৬ ফেব্ৰুৱাৰী দিনা অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটি সু-পৰিচালনাৰৰ্থে মনোৰঞ্জন হাজৰিকাক সভাপতি, ৰূপম চন্দ্ৰ ৰায় আৰু দীপক কুমাৰ দাসক যুটীয়া সম্পাদক হিচাপে লৈ পালনাম মহোৎসৱ উদযাপন সমিতিখন গঠন কৰা হয় ।

পালনামৰ প্ৰথম দিনা সন্ধিয়া অধিবাসেৰে কাৰ্যসূচী আৰম্ভ হ'ব । দ্বিতীয় দিনা ৰাতিপুৱা পালনাম আৰম্ভ প্ৰসঙ্গ শুভাৰম্ভ কৰিব বিজনী দলে । দুপৰীয়া আইসকলৰ নাম, দিনৰ ২ বজাৰ পৰা আমন্ত্ৰিত দলে অবিৰাম থিয়নাম পৰিবেশন কৰিব ।

বৰভিটা, বঙাইগাঁও আঞ্চলিক, কুমৰকাটা, মানিকপুৰ, বাৰ্শী, কচুতলা, কাকাৰাগাঁও আদি নামদলে অংশ ল'ব । তৃতীয় দিনা ৰাতিপুৱা পালনামৰ সামৰণি প্ৰসঙ্গ, ভাগৱত ভ্ৰমণ ৰূপায়িত হ'ব । ধাৰণ কৰিব কৰুণা কান্ত হাজৰিকা বাপে সহায় কৰিব ভদ্ৰেশ্বৰ ৰায় বাপে ।

দুপৰীয়া ধৰ্মীয় আলোচনা সভা অনুষ্ঠিত হ'ব । সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব শৰণ সদস্য নৰসিত ভকত বাপে । ইয়াৰ অন্তত ভাওনা প্ৰৰ্দশন কৰা হব । ভাওনা প্ৰৰ্দশন কৰিব দৰং ভাওনা দলে ।

ইয়াৰ প্ৰাক মূহুৰ্তত মঞ্চ উদ্বোধন কৰিব কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ (কে এ চি)ৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে । অনুষ্ঠানটিত উপস্থিত থাকি সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে বিজয়গাঁও বৰছৰা সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দাস আৰু সম্পাদক নাৰায়ণ চন্দ্ৰ ৰায়ে ।

প্ৰতীকি ফটো
নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেটত যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in