এখন গাঁৱৰ দুৰ্দশা : আজিও গাঁৱবাসীৰ ঠিকনা আশ্ৰয় শিবিৰ...

কাইটীয়া গাঁৱৰ উক্ত ভূমিহীন পৰিয়ালে ৩০ টা বছৰে পুন:সংস্থাপনৰ আশাপালি চৰকাৰ, আমোলা-বিষয়া তথা জন-প্ৰতিনিধিলৈ আজিও আশাৰে বাট চাই আছে
এখন গাঁৱৰ দুৰ্দশা : আজিও গাঁৱবাসীৰ ঠিকনা আশ্ৰয় শিবিৰ...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ এখন গাঁও কাইটীয়া । শস্য-শ্যামল্যৰে নদন-বদন এসময়ৰ এই গাঁৱখন সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ কবলত পৰি নিশ্চিহ্নপ্ৰায় ।

গাখীৰভেটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই কাইটীয়া গাঁৱখন বিগত ১৯৯২ চনৰ ১৩ এপ্ৰিলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বান আৰু গৰাখহনীয়াৰ কবলত পৰে । ফলত গাঁৱখনৰ গৰিষ্ঠ সংখ্যক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় । টালি-টোপোলা বান্ধি গাঁৱখনৰ ১০২ টা পৰিয়ালে নিকটৱৰ্তী আশ্রয় শিবিৰত আশ্রয় লয়।

পৰৱৰ্তী সময়ত কিছু সচ্ছল পৰিয়ালে সংস্থাপনৰ সন্ধানত ছেদেলি-ভেদেলি হৈ নিগাজি স্থিতি গ্ৰহণ কৰে যদিও ইয়াৰে প্ৰায় ১৩ টা পৰিয়ালে আজি ৩০টা বছৰ ধৰি আশ্রয় শিবিৰত নাজল-নাথল অৱস্থাত দৈনন্দিন জীৱন অতিবাহিত কৰি আহিছে । লক্ষণীয়ভাৱে এই পৰিয়াল কেইটাই ১ নং কৰ্দৈগুৰি গাঁৱত গাঁঠিৰ ধন ব্যয় কৰি এবিঘা মাটি ক্ৰয় কৰে আৰু তাতে বাঁহ-বেতেৰে ঘৰ সাজি আশ্রয় শিবিৰ হিচাপে বসবাস কৰি আছে ।

ইফালে এই ১৩টা পৰিয়ালৰ লগতে কাইটীয়া গাঁৱৰ মুঠ ১০২ টা ভূমিহীন পৰিয়ালে বিগত ৩০ টা বছৰে পুনৰ সংস্থাপনৰ বাবে হাবাথুৰি খাই আছে যদিও আজিলৈকে কোনো এখন চৰকাৰে এইসকলক সংস্থাপন দিয়াৰ সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল । বান-গৰাখহনীয়াত সৰ্বশ্রান্ত হৈ শ্ৰমদানৰ টকাৰে ১ নং কৰ্দৈগুৰি গাৱঁত মাটি ক্ৰয় কৰি সাধাৰণ আশ্রয় শিবিৰ সাজি বিভিন্ন প্ৰত্যাহ্বানৰ মাজত জীৱনৰ বাধ্যতামূলক যাত্ৰাত অগ্ৰসৰ হোৱা এই ভূমিহীন পৰিয়ালে যমৰ যাতনাত জীৱন কটাবলগীয়া হৈছে ।

এসাঁজ খাই আন এসাজলৈ তীব্ৰ সংগ্ৰাম কৰা এই পৰিয়ালকেইটাই দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিবলৈ বাধ্যত পৰিছে । পিছে অগপৰ তদানীন্তন ৫বছৰীয়া,কংগ্ৰেছৰ ১৫ বছৰীয়া আৰু শেহতীয়াকৈ বিজেপিৰ প্ৰায় ১০ বছৰীয়া চলিত কাৰ্যকালত এই ভূমিহীন পৰিয়ালকেইটাই বিগত ৩০ বছৰে পুন:সংস্থাপন নাপালে ।

এক কথাত কোনো এখন চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিয়ে এইসকলক পুন:সংস্থাপন দিবলৈ আন্তৰিকতা তথা সদিচ্ছা প্ৰদৰ্শন নকৰিলে । তাৎপৰ্যপূৰ্ণ কথাটো হ'ল গাঁঠিৰ ধন ভাঙি তথা বিভিন্নজনৰ দান-বৰঙণি সংগ্ৰহেৰে এইকেইটা পৰিয়ালে ১ নং কৰ্দৈগুৰিত যি এবিঘা মাটি ক্ৰয় কৰিছিল উক্ত মাটিৰ এচুকত কাইটীয়া গাৱঁৰ পৰিচয় ধৰি ৰাখিবলৈ বানাক্ৰান্তই কাইটীয়া গাঁও প্ৰাথমিক বিদ্যালয় নামেৰে এখন শিক্ষানুষ্ঠান স্থাপন কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ।

ইয়াৰ পিছতো চৰকাৰে ভূমিহীন পৰিয়ালকেইটাৰ পুন:সংস্থাপনৰ দিশটো উলাই কৰি ৰখা বিষয়টো এক চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে । উল্লেখনীয় যে কাইটীয়াৰ বানাক্ৰান্তই নিৰ্মাণ কৰি দিয়া কাইটীয়া গাঁও প্ৰাথমিক বিদ্যালয়খনত বৰ্তমান ৩ গৰাকী চৰকাৰী বেতনভোগী শিক্ষকে চাকৰি কৰি আছে ৷

মন কৰিবলগীয়া যে সন্মুখত কাইটীয়া প্ৰাথমিক বিদ্যালয় আৰু তাৰ পিছফালে কাইটীয়া গাঁৱৰ উক্ত ভূমিহীন পৰিয়ালে ৩০ টা বছৰে পুন:সংস্থাপনৰ আশাপালি চৰকাৰ, আমোলা-বিষয়া তথা জন-প্ৰতিনিধিলৈ আজিও আশাৰে বাট চাই আছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in