কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ...

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত শনিবাৰে সোনাৰাম দাস সোঁৱৰণি ন্যাসৰ

author-image
Asomiya Pratidin
New Update
 কংগ্ৰেছ দল ঐক্যমঞ্চত থাকিলে বাকী দল সমূহৰ ক্ষতি হ'ব: পদ্ম হাজৰিকা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত শনিবাৰে সোনাৰাম দাস সোঁৱৰণি ন্যাসৰ পৰা কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Advertisment

অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে ১৯৯৯ চনৰ পৰাই সোনাৰাম দাসৰ সোৱঁৰণত পৰিয়াল বৰ্গই অঞ্চলটোৰ কৃতি শিক্ষাৰ্থী সকলক বঁটা প্ৰদান কৰি আহিছে ৷ সোনাৰাম দাস সোৱঁৰণি ন্যাসে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেইয়া সমাজৰ কাৰণে আদৰণীয় কথা ৷ এনে মহান চিন্তা সমাজত খুব কম মানুহৰ থাকে ৷ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে সোণাৰাম দাসৰ পৰিয়ালবৰ্গই লোৱা ভূমিকাক আমি সকলোৱে শলাগ লোৱা উচিত বুলি মন্তব্য কৰে ৷

এই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে সোণাৰাম দাসৰ সুযোগ্য সন্তান অৱসৰী পৰিবহন বিষয়া দ্বিজেন দাস,মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ প্ৰমূখ্য়ে বিভিন্নজনে ৷

আৰু পঢ়কঃ ভাৰতৰ মাটিত মুখ ঠেকেচা কেংগাৰু বাহিনীৰ, বৃহৎ ব্যৱধানত জয়লাভ ভাৰতৰ...

award padma hazarika