গহপুৰৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা

এটা মাত্ৰ বাহঁৰ কোঠাৰ মাজতে অধ্যয়ন কৰে অৰ্ধশতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে
গহপুৰৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ কলাবাৰীৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৰাৱস্থা । খাটৰ গাওঁ কৈৱৰ্ত প্ৰাথমিক বিদ্যালয়খনত ২০ ফুট দীঘল ১০ ফুট বহল এটা মাত্ৰ বাহঁৰ কোঠাৰ মাজতে অধ্যয়ন কৰে অৰ্ধশতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

কোঠাটোৰ লগতে লাগি আছে ৫ ফুট বহলৰ মধ্যাহ্ন আহাৰ বনোৱা এটা পাকঘৰ ৷ পাকঘৰটোৰ পৰা ওলোৱা ধোঁৱা আৰু জুইৰ তাপে উৎকট গৰমৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব লগা হৈছে ৷

আচৰিত কথা যে বাঁহৰ এই বিদ্যালয়খনত চৰকাৰী টকাৰে নিৰ্মাণ কৰি দিছে এটা পকী ৰেম্প ৷ ১৯৮৫ চনতে স্থাপিত এই প্ৰাথমিক বিদ্যালয়খনৰ বিধ্বস্ত আন্তঃগাঠনিয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উন্মাচিত কৰি তুলিছে বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে।

গহপুৰৰ এখন বিদ্যালয়ৰ দুৰাৱস্থা
দেশৰ জি ডি পি ৭.২ শতাংশলৈ হ্ৰাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in