/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e6f3b3c3-aa53-44e8-8d57-f086632788c4/55a6ea2d_948b_46f2_9cab_26c9537d9f64.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভালেসংখ্যক পৰীক্ষাৰ্থী উজলি উঠাৰ মাজতে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। পিতৃক অকালতে হেৰুওৱা মেধাৱী ছাত্ৰী ডলিছা কলিতাৰ সফলতাত উৎফুল্লিত ৰঙিয়াৰ তৰণীবাসী।
উল্লেখযোগ্য যে ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ডলিছাই ৫টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়। ছাত্ৰীগৰাকীৰ এই সফলতাত আনন্দিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে তৰণীবাসী।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পিতৃৰ বিয়োগৰ পাছৰে পৰা মাতৃয়ে ছাত্ৰীগৰাকীক অশেষ কষ্টৰে ডাঙৰ কৰিব লগা হৈছিল। ভৱিষ্যতে ডলিছা কলিতাই এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখাক কথা ব্যক্ত কৰে।
Also Read: টেঙাখাত সৰস্বতী দেৱী বাগ্ৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আনন্দৰ পৰিৱেশ