টেঙাখাত সৰস্বতী দেৱী বাগ্ৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আনন্দৰ পৰিৱেশ

টেঙাখাত সৰস্বতী দেৱী বাগ্ৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আনন্দৰ পৰিৱেশ

author-image
Asomiya Pratidin
New Update
টেঙাখাত সৰস্বতী দেৱী বাগ্ৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত আনন্দৰ পৰিৱেশ

ডিজিটেল সংবাদ,টেঙাখাট : হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমবাৰৰ বাবে টেঙাখাত সৰস্বতী স্কুলৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ হোৱাত শিক্ষানুষ্ঠাখনত আনন্দময় পৰিৱেশে বিৰাজ কৰে। বিদ্যালয়খনৰ পৰা মুঠ ২৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Advertisment

ইয়াৰ ভিতৰত ১৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আনহাতে ৬গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। কেউগৰাকী পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গঙ্গা গগৈয়ে আনন্দ প্ৰকাশ কৰে। লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক হাজৰীকা তথা আন আন লোকসকলে আনন্দ প্ৰকাশ কৰে।

Also Read: ঢকুৱাখনাত বীৰাঙ্গনা সতী সাধনী দিৱস পালন

tengakhat