''এতিয়া শিয়ালৰ দিন চলিছে'' চৰকাৰৰ বিৰুদ্ধে সৰৱ বিজেপি বিধায়ক...

কোনো বিৰোধী নেতা বা জাতীয় সংগঠনৰ নেতা নহয়, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে মাত মাতিছে শাসকীয় গোষ্ঠীৰ এগৰাকী বিধায়কে।

author-image
Asomiya Pratidin
New Update
৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

ডিজিটেল ডেস্ক: কোনো বিৰোধী নেতা বা জাতীয় সংগঠনৰ নেতা নহয়, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে মাত মাতিছে শাসকীয় গোষ্ঠীৰ এগৰাকী বিধায়কে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰ যোগে ক্ষোভ প্ৰকাশ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে।

Advertisment

কটাক্ষ কৰি তেওঁ টুইট কৰে যে, ''এতিয়া শিয়ালৰ দিন চলিছে। লোক নিৰ্মাণ বিভাগৰ অধীনত পথ নিৰ্মাণ কৰি নিজৰ ভাগ্য উদয় কৰিম বুলি ভৱা সৰু সৰু ঠিকাদাৰ সকলক বিদায় জনাইছো আৰু শিয়ালবোৰক (ঠিকাদাৰ) আদৰণি জনাইছো। সকলো বিভাগতে কাম-কাজৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ পেকেজৰ বাবে সকলো সাজু হওক''।

উল্লেখ্য যে, সম্প্ৰতি বিজেপি মিত্ৰজোঁট চৰকাৰৰ আমোলাত ঠিকা লাভৰ ক্ষেত্ৰত ক্ষুদ্ৰ ঠিকাদাৰসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কেইবাটাও কাম একেলগে কৰি ডাঙৰ পেকেজ হিচাপে নিবিদা আহ্বান কৰাৰ ফলত কেৱল ডাঙৰ তথা ধনবান ঠিকাদাৰ সকলেহে কাম কৰাৰ সুযোগ লাভ কৰিছে।

আনহাতে এই টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি বিধায়ত মানৱ ডেকাই কয় যে- শিয়াৱলটো জীৱই হয়। শিয়াল নাথাকিব নেকি পৃথিৱীত? থাকিব লাগিব। ঠিকাদাৰৰ কিবা থলুৱা আছে নেকি? সৰু-ডাঙৰ বুলি ঠিকাদাৰক দিওঁতে সেই কাম তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজিকালিৰ ৰাস্তা আগৰ দৰে নহয়। বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ হয়।

উল্লেখ্য যে, বিধায়ক গৰাকীৰ এই মন্তব্যই এতিয়া তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

আৰু পঢ়ক: শংকৰজ্যোতি বৰুৱাৰ কি ফটোক লৈ এতিয়া সৰৱ চৰ্চা ?

assam himanta biswa sarma bjp