সাঁচতীয়া পূঁজিৰ ১০ লক্ষাধিক টকা খৰছ কৰি নতুনকৈ নিৰ্মাণ কৰি দিলে ৰাজহুৱা নামঘৰ

বয়সৰ লেখেৰে ৭০ বছৰত ভৰি দিয়া এইগৰাকী সমাজপ্ৰিয় আৰু মানৱতাবাদী বেংক বিষয়াৰ ঘৰ গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত মিছামাৰীত
সাঁচতীয়া পূঁজিৰ ১০ লক্ষাধিক টকা খৰছ কৰি নতুনকৈ নিৰ্মাণ কৰি দিলে ৰাজহুৱা নামঘৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ব্যক্তিকেন্দ্ৰীক ধ্যান ধাৰনাৰে পৰিপুষ্ট আজিৰ বস্তুবাদী সমাজ ব্যৱস্থাৰ বিপৰীতে থিয় দি সমাজৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ বাবে এক মহান পদক্ষেপ গ্ৰহণ কৰা গহপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া। নাম তেওঁৰ দিলীপ বৰা।

বয়সৰ লেখেৰে ৭০ বছৰত ভৰি দিয়া এইগৰাকী সমাজপ্ৰিয় আৰু মানৱতাবাদী বেংক বিষয়াৰ ঘৰ গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত মিছামাৰীত। স্বাস্থ্যজনিত আৰু চিকিৎসাজনিত কাৰণত ইউক বেঙ্কৰ গহপুৰ শাখাৰ পৰা বেংক বিষয়া হিচাপে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা দিলীপ বৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ ২০১৪ চনৰ পৰা জীৱন মৃত্যুৰে যুঁজি অব্যাহত ৰাখিবলগীয়া হৈছে। জীৱনৰ অপৰাহ্ন সময়ৰ চিকিৎসাজনিত আন এক কঠোৰ সংগ্ৰাম।

জীৱনটোক সজাই পৰাই ৰখাৰ তাগিদাত যোৱা ৮ বছৰ ধৰি একেৰাহে এক ব্যয়বহুল চিকিৎসা কৰিও ভাগৰি নপৰা দৃঢ় মনৰ অধিকাৰী দিলীপ বৰাই নৰিয়া দেহাৰেই সমাজৰ প্ৰতি যি দায়িত্ববোধ দেখুৱালে সেইয়া এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শৰ চানেকি। নিজৰ দীৰ্ঘদিনীয়া ব্যয়বহুল চিকিৎসাজনিত কাৰক সমূহৰ মাজত এইগৰাকী মানৱতাবাদী অৱসৰপ্ৰাপ্ত বেংক বিষয়া দিলীপ বৰাই পেঞ্চনৰ সাঁচতীয়া ধনৰ পৰা প্ৰায় ১০ লক্ষাধিক টকা খৰছ কৰি সম্পূৰ্ণ নিজা উদ্যোগত স্থানীয় আমলখি দলনী নামঘৰ ভাগ নতুনকৈ নিৰ্মাণ কৰি যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে তেওঁক বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আৰ্শীবাদ আৰু অভিনন্দনেৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।

কোনো ধৰণৰ খুট নৰখাকৈ আটকধুনীয়াভাৱে নিৰ্মাণ সম্পূৰ্ণ কৰি স্থানীয় ধৰ্মপ্ৰাণ ৰাইজক আনুষ্ঠানিকভাবে চমজাই দিয়া নৱনিৰ্মিত আমলখি দলনী নামঘৰ ভাগৰ মঙলবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। আয়তীৰ উৰুলী, খোল-তাল,শংখৰ মংগলময় ধ্বনি,নাম-প্ৰসংগ, ভাগৱত পাঠৰ ভক্তিভৰা পৰিৱেশৰ মাজত গুৰু আসন প্ৰতিষ্ঠা কৰা অনুষ্ঠানটোত উপস্থিত থাকি গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই ভাষণ প্ৰদান কৰি কয় যে এই নামঘৰ ভাগি নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দিলীপ বৰাই যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচাকৈয়ে আজিৰ সমাজৰ বাবে অতি প্ৰশংসনীয় আৰু আদৰণীয়।

গাঁঠিৰ ধন ভাঙি ৰাইজৰ বাবে এনেধৰণৰ কাম কৰিবলৈ এখন সঁচা অন্তৰ লাগিব। ধন সম্পত্তি থাকিলেও বহু মানুহে এনে কাম কৰিব নোৱাৰে।দিলীপ বৰাৰ দৰে নিষ্ঠাবান আৰু মহান ব্যক্তি সমাজত আৰু জন্ম হওঁক।আজিৰ সমাজৰ বাবে দিলীপ বৰা এক আদৰ্শৰ চানেকি বুলি ভাষণত উল্লেখ কৰে বিধায়ক উৎপল বৰাই।

উক্ত গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানটোত আমলখি দলনী নামঘৰ পৰিচালনা সমিতিৰ সভাপতি খগেন বৰুৱা, উপ সভাপতি ৰজনী কটকী, মুখ্য সম্পাদক ফটিক গগৈ, সম্পাদক লক্ষেশ্বৰ গগৈ আৰু সহকাৰী সম্পাদক প্ৰফুল্ল দত্ত আৰু জীৱন গগৈয়ে দিলীপ বৰাক এখন ফুলাম গামোচা,এখন শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰৰে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰি এই নামঘৰ ভাগৰ কাৰণে তেওঁ যি মহান ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁৰ সু স্বাস্থ্য কামনা কৰে।উক্ত অনুষ্ঠানত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ লগতে গহপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা অবিচি ব'ৰ্ডৰ চেয়াৰমেন নোমল বৰুৱা, দিলীপ বৰাৰ সহধৰ্মিনী তৃপ্তি ৰাজখোৱা বৰা,দুই জীয়ৰী ক্ৰমে জিলমিল বৰা তামুলী আৰু জিকমিক বৰা হাজৰিকা, দুই জোঁৱাই ক্ৰমে গৌৰাংগ তামুলী, যদুনন্দন হাজৰিকা আৰু তেওঁৰ ভাতৃ দীপক বৰা উপস্থিত থাকি অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তোলে।

সাঁচতীয়া পূঁজিৰ ১০ লক্ষাধিক টকা খৰছ কৰি নতুনকৈ নিৰ্মাণ কৰি দিলে ৰাজহুৱা নামঘৰ
মধ্য অসমৰ গো-ধন ভয়াৱহ লাম্পী ভাইৰাচত আক্ৰান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in