মধ্য অসমৰ গো-ধন ভয়াৱহ লাম্পী ভাইৰাচত আক্ৰান্ত

দেশৰ সৰ্বমুঠ পোন্ধৰখন ৰাজ্যলৈ সংক্ৰমণ হোৱাত লাখ লাখ পশুধনৰ মৃত্যু হৈছিল
মধ্য অসমৰ গো-ধন ভয়াৱহ লাম্পী ভাইৰাচত আক্ৰান্ত

ডিজিটেল সংবাদ,জাগীৰোড : দেশৰ পোন্ধৰখন ৰাজ্যত বিগত বৰ্ষত ভয়াৱহ সংক্ৰমণ হোৱা লাম্পী" নামৰ ভয়াৱহ ৰোগ বিধৰ পাদুৰ্ভাব ঘটিছে মধ্য অসমৰ পশুধনৰ মাজত। ইয়াকে লৈ ভীষণ উদ্বিগ্ন হৈ পৰিছে ব্যৱসায়িক ভিত্তিত গো-পালনৰে জীৱিকা নিৰ্বাহ কৰা গো পালকসকল।

সম্প্ৰতি জাগীৰোডৰ সমীপৰ আমলিঘাটতো দেখা গৈছে পশুধনৰ মাজত এই ভয়াৱহ ৰোগ বিধ। কৰোণা কালৰ লগতে ল'ক ডাউনে আনি দিয়া সংকটৰ পৰা মুক্তি পাবলৈ যুঁজি থকা গো-পালক সকল বাৰুকৈয়ে উদ্বিগ্ন এই ভয়ানক ৰোগবিধৰ সংক্ৰমণকলৈ।

কিয়নো বিগত বৰ্ষত গুজৰাট আৰু ৰাজস্থানত প্ৰথমতে সংক্ৰমণ আৰম্ভ হোৱা পশুধনৰ ৰোগবিধ পিছত দেশৰ সৰ্বমুঠ পোন্ধৰখন ৰাজ্যলৈ সংক্ৰমণ হোৱাত লাখ লাখ পশুধনৰ মৃত্যু হৈছিল। সম্প্ৰতি মধ্য অসমত পশুধন এই মাৰাত্মক সংক্ৰামক ৰোগত আক্ৰান্ত হৈছে যদিও ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিশেষ ত্ৎপৰতা নাই বুলি একাংশ গো-পালকে অভিযোগ কৰিছে।

উদাহৰণ স্বৰূপে শ্বেত বিপ্লৱৰ সুচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ আধাৰ গাঁও হিচাপে পৰিচিত আমলিঘাটকে ধৰি চুবুৰীয়া এলেকাৰ গো-ধনৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত চিকিৎসক আৰু উন্নত চিকিৎসা পদ্ধতিৰ ব্যৱস্থা। জানিব পৰা মতে মধ্য অসমৰ বিভিন্ন অঞ্চলত লাম্পি ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে।

ক্ষেত্ৰীৰ পৰা নেলীলৈকে অধিকাংশ গো-ধনৰ শৰীৰতে দেখা দিছে এই ভাইৰাছে। এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ চৰকাৰক আহ্বান সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ লগতে গোপালকসকলৰ।উল্লেখযোগ্য যে, বিগত বৰ্ষত সমগ্ৰ দেশত এই ৰোগত ২০ লাখ গৰু আক্ৰান্ত হোৱাৰ লগতে ৯০ হাজাৰৰ মৃত্যু হৈছিল।

যদিহে অসম চৰকাৰে শীৰ্ঘেই ব্যৱস্থা নলয় তেন্তে ৰাজস্থানৰ দৰে অসমতো এই ভাইৰাছে মাৰাত্মক ৰূপত দেখা দিব। সময় থাকোতেই চৰকাৰে পশু- চিকিৎসকৰ ব্যৱস্থা কৰি এই ভাইৰাচৰৰ লগত মোকাবিলা কৰিবলৈ গো-পালকে আহ্বান জনাইছে।

আমলিঘাটৰ এগৰাকী গো-পালকে জানিবলৈ দিয়ামতে প্ৰথমে গোধনৰ গাত ডাঙৰ ডাঙৰ কৈ টেমুনা উঠি আক্ৰান্ত গৰুবোৰ দুৰ্বল হৈ পৰে আৰু আহাৰ খাবলৈ এৰি দি অত্যন্ত দুৰ্বল হৈ পৰে । পিছত টেমুনা বোৰ ফাটি তেজ বাহিৰ হৈ যায়। এয়া প্ৰাৰম্ভিক লক্ষণ আৰু পিছত ক্ষত-বিক্ষত হৈ পৰা পশুধনৰ অৱস্থা কাহিল হৈ পৰে।

বৰ্তমানলৈ আমলিঘাটত বহু গোধনৰ মাজত এই ভয়াৱহ ৰোগৰ পাদুৰ্ভাৱ ঘটিছে। প্ৰাৰম্ভিক পৰ্যায়তে চৰকাৰে যুদ্ধকালীন ভাৱে পদক্ষেপ গ্ৰহন কৰাটো বিচাৰিছে গোপালক সকলে। এই বিষয়ত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ অধ্যক্ষ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যেগোৰ্খা জাতিৰ গো পালক সকলৰ এনেধৰণৰ সমস্যা সমুহত কিছু অভিজ্ঞতা আছে যদিও বিশেষকৈ নতুনকৈ গো পালনৰ বাবে আগবাঢ়ি অহা সকলৰ মাজত সমস্যাই দেখা দিছে।

সেয়েহে চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে অন্যথা এই বিষয়কলৈ গো পালক সকল ভীষণ সমস্যাত পৰিব। আমলিঘাটৰ আন এগৰাকী গো পালক লক্ষী মহন্তই কয় যে এই সংকটৰ বিষয়টো পশু পালন মন্ত্ৰী অতুল বৰা আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে গ্ৰহন কৰি তৎকালীন ব্যৱস্থা গ্ৰহন কৰক।জানিব পৰা মতে থলুৱা গোধন এই ভয়াৱহ ৰোগ বিধৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা হোৱা নাই,যদিও জাৰ্চী গৰুৰ অধিক হাৰত আক্ৰান্ত হৈছে এই ভয়ানক ৰোগবিধত। প্ৰসংগত উল্লেখযোগ্য যে এই ভয়াবহ ৰোগ বিধৰ সংক্ৰমণৰ ফলত দুগ্ধ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে।

মধ্য অসমৰ গো-ধন ভয়াৱহ লাম্পী ভাইৰাচত আক্ৰান্ত
আন্তৰ্জাতিক নাৰী দিৱসত অধিবক্তা ৰূপালী গোস্বামীক বিশেষ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in