/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e8e7d342-b1c2-4209-868d-ecb456994e75/himanta.jpg)
ডিজিটেল ডেস্কঃ প্ৰায়েই সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ যোগেদি দেখা যায় বিভিন্ন ৰাজহুৱা সভা-সমিতি আদিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাষত পাই সাধাৰণ জনতাই উৎফুল্লিত হোৱাৰ দৃশ্য। পুনৰ তেনে এক পৰিবেশৰ সৃষ্টি হয় দেৰগাঁৱত।
বৃহস্পতিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ ইউ বি কনিষ্টবলৰ ১৭৮নং বেটছৰ পাছিং আউট পেৰেডত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতি এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ কাতৰ আহ্বান।
দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম পায়েল কানু। কানুৰ কাতৰ আহ্বান "ছাৰ মোক ভাল কৰি দিয়ক।"
কথাষাৰ শুনাৰ লগে লগেই মুখ্যমন্ত্ৰীয়ে ছাত্ৰীগৰাকীৰ অনুৰোধৰ প্ৰতি সহাঁৰি জনায়। কথাষাৰ শুনি মুখ্যমন্ত্ৰী শৰ্মাই ছাত্ৰীগৰাকীক ভাল কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে, দেউতাকৰ হাতত ধৰি মুখ্যমন্ত্ৰীৰ ওচৰলৈ অহা পায়েলে স্বাভাৱিকভাৱে খোজ কাঢ়িব নোৱাৰে।
Also Read: চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰত মুকলি বিহুৰ লাইখুটা স্থাপন