/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b3e1f271-a3c4-4c94-a9a8-e3e5c04b6564/bihu.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰত মুকলি বিহু। পহিলা ব’হাগত মথুৰাপুৰত চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হ'ব মুকলি বিহু।
মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া মুকলি বিহুৰ বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে আজি অনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি বিবেক বৰুৱাই ৷
উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো পহিলা ব'হাগৰ দিনটোতে জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো একত্ৰিত হৈ অনুষ্ঠিত কৰি অহা মুকলি বিহুখনি এইবাৰ ত্ৰয়োদশ বৰ্ষত ভৰি দিছে ৷ বিহু কাৰ্যসূচী অনুসৰি পুৱা চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্পণ ৰাজকোঁৱৰে আছুৰ পতাকা উত্তোলন কৰাৰ পাছতে উদ্যাপন সমিতিৰ সভাপতি বিবেক বৰুৱাই বিহুৱান উত্তোলন কৰিব।
লগতে আন ১৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে বিহুৱান উত্তোলন কৰিব। আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ত্রিনয়ন বৰগোহাঁয়ে ছহিদ তৰ্পণ কৰাৰ পাচত গছপুলি ৰোপণ কৰিব শিক্ষক তথা সমাজকৰ্মী নীলমণি বৰগোহাঁইয়ে ।
ইয়াৰ পিচত সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে জ্যেষ্ঠ লোকক বিশেষভাৱে সম্বর্ধনা জনোৱা হ'ব। মুকলি বিহুৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতা, বিহুৱান প্ৰতিযোগিতা,ছাত্র- ছাত্ৰীসকলৰ মাজত চিত্রাংকণ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। মুকলি বিহুখনিত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট কৌতুক অভিনেতা ৰমেন তামুলীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b884a0a2-bf26-46b6-a4c0-8f100a319d0e/e089aacb_4dd5_4878_b3e4_1085c76d1343.jpg)
Also Read: মৰিগাঁও জিলা কৃষি কাৰ্যালয়ত সজাগতা সভা ও প্ৰশিক্ষণৰ আয়োজন