/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9c49ad1d-d517-45d6-82bd-ccb2d334ba53/318.jpg)
ডিজিটেল সংবাদ,কমাৰগাঁও : কমাৰগাঁও মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পোনা গগৈৰ মহানুভৱতাই দৃষ্টি কাঢ়িছে সচেতন লোকৰ। তেওঁ বহু পুৰণি আলোচনী, পুথি সংগ্ৰহ কৰি সমাজলৈ অৱদান আগবঢ়োৱাৰ লগতে শনিবাৰে কমাৰগাঁৱৰ বৰদিহিঙীয়াৰ ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰাললৈ আগবঢ়ালে ডেৰ শতাধিক পুৰণি মূল্যৱান কিতাপ-আলোচনী।
উল্লেখযোগ্য যে স্কুলীয়া দিনৰ পৰাই কিতাপৰ সৈতে নিবিড় সম্পৰ্ক থকা ৮৪ বছৰীয়া অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ বদান্যতা এতিয়া সচেতন ৰাইজে শলাগ লৈছে। পোনা গগৈয়ে কয়- 'আমাৰ সমাজত বহুতেই হয়টো কিতাপ পঢ়ে । বহুতেই কিতাপ পঢ়ি সংৰক্ষণ কৰে আৰু বৰ্তমান সময়ত একাংশই পঢ়ি শেষ হোৱা পুৰণি কিতাপসমূহ পেলাই দিয়ে বা পুৰণা কাগজ-পত্ৰ কিনা মানুহৰ ওচৰত বিক্ৰী কৰি দিয়ে ৷
কিতাপৰ কাগজ পুৰণা হ’লেও তাৰ বিষয়বস্তু পুৰণা নহয় ৷ এনে কিতাপ কেতিয়াবা আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বা ছাত্ৰ ছাত্ৰীৰ বাবে সহায়ক হয় ৷' তেওঁৰ এই মহানুভৱতাৰ বাবে পুথিভঁৰালৰ তৰফৰ পৰা গগৈক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।
Also Read: বৰজুৰি চাহ বাগিচাত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ