মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ

ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত দালালী কাৰ্যৰ লগতে ভূমিৰ গৰাকীয়ে গুণ্ডা-কৰ দিবলগীয়া হোৱা এক আশ্চৰ্য্যকৰ ঘটনা পোহৰলৈ আহিছে
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ

ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত আলীপূৱ গাঁৱত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত দালালী কাৰ্যৰ লগতে ভূমিৰ গৰাকীয়ে গুণ্ডা-কৰ দিবলগীয়া হোৱা এক আশ্চৰ্য্যকৰ ঘটনা পোহৰলৈ আহিছে। মধ্যভোগী, গুণ্ডা-কৰৰ পিছত এইবাৰ ব্লেকমেইলিঙৰ বলি হোৱা ভূমিৰ গৰাকীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

যাৰ ফলত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ উন্মোচিত হৈ পৰে। বিষয় সন্দৰ্ভৰ তথ্য অনুসৰি গুৱাহাটীৰ কামাখ্যা নিবাসী ৰিজু প্ৰসাদ শৰ্মা নামৰ এজন লোকে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ বৰবংশ মৌজাৰ আলীপূৱ গাঁৱৰ দাগ নং ক্ৰমে- ১৪৮, ১৪৯, ১৫০, ১৭৯, ১৮৪ পট্টা নং ক্ৰমে ১০২, ৩০, ২৫০, ১৬৬ নম্বৰৰ মুঠ ১১ বিঘা ২ লেছা ভূমি ক্ৰয় কৰাৰ বাবে বিগত ২৪/৫/২০১৮ ত ভূমিৰ গৰাকী শ্ৰী চান্দ ৰতন সিংহানীয়াৰ সৈতে এখন চুক্তি সম্পন্ন কৰে।

পৰৱৰ্তী সময়ত উক্ত ভূমিৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাত বাইহাটা চাৰিআলিৰ নগাঁও নিবাসী মিন্টুল হুছেইন আৰু স্থানীয় ৰাজু আলী নামৰ দুই যুৱকে মধ্যভোগীৰ ভূমিকাৰে উক্ত সমস্যা সমাধান কৰি দিম বুলি ৰিজু প্ৰসাদ শৰ্মাৰ সৈতে এখন চুক্তি সম্পন্ন কৰে।

সেই মৰ্মে যোৱা ১২/১০/২০২০ ত ৰিজু প্ৰসাদ শৰ্মাৰ পৰা ৬ লাখ টকা আদায় লয়। কিন্তু বিগত ২০২০ বৰ্ষত হোৱা চুক্তি অনুসৰি বৰ্তমানলৈকে দুয়ো মধ্যভোগী যুৱকে ভূমিৰ কোনো কাম সমাধান কৰি দিব নোৱাৰাত ৰিজু প্ৰসাদ শৰ্মাৰ পৰা লোৱা ধন তেওঁ উভতাই বিচৰে। ফলত দুয়ো যুৱকে ধন ঘূৰাই দিয়া দূৰৰ কথা, ওলটাই ৰিজু প্ৰসাদ শৰ্মাক অশ্লীল ভাষাৰে ভয় ভাবুকি প্ৰদান কৰে বুলি জানিব পৰা গৈছে ।

যাৰ বাবে শংকাত দিন কটাবলগীয়া হৈছে গুৱাহাটী নিবাসী ৰিজু প্ৰসাদ শৰ্মা নামৰ লোক জনে। Declaration পত্ৰ সম্পাদন কৰাৰ লগতে ৬ লাখ টকা আদায় লৈ ভূমিৰ কোনো কাম নকৰা ৰাজু আলী আৰু মিন্টুল হুছেইনে এইবাৰ অভিজিত দাস নামৰ তথাকথিত সংবাদ কৰ্মীক লগত লৈ ৰিজু শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰে।

প্ৰাপ্ত অভিযোগ অনুসৰি অভিজিত নামৰ যুৱকজনে উদ্দেশ্য প্ৰণোদিতভাৱে হকে- বিহকে মন্তব্য সংগ্ৰহ কৰাৰ লগতে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ ভিডিঅ সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰি সমাজত ৰিজু শৰ্মাৰ সন্মান লাঘৱ কৰি আহিছে। আনকি বিভিন্ন ভয় ভাবুকি দি তিনিও জনে পুনৰ ধন দাবী কৰি এইবাৰ ব্লেকমেইলিঙৰ আশ্ৰয় গ্ৰহণ কৰিছে।

অন্যাথা ৰিজু শৰ্মাৰ ভূমি কাঢ়ি লোৱা হ'ব বুলি ভাবুকিও প্ৰদান কৰে। ফলত উপায়ন্তৰ হৈ ৰিজু শৰ্মা নামৰ লোক জনে যোৱা ২৬/২/২০২৩ ত বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উল্লেখ্য যে ৰিজু শৰ্মা নামৰ লোকজনে ভূমি ক্ৰয় কৰাৰ পিছত আন এটা দলক ৪ লাখ টকা গুণ্ডা-কৰ দিব লগা হোৱা বুলিও আলীপূৱ, বাইহাটা চাৰিআলি অঞ্চলত চৰ্চাৰ বিষয় হৈ পৰিছে।

আনহাতে বাইহাটা চাৰিআলি আৰক্ষী থানাত দালালী কৰি ৰঙা ঘৰৰ আলহী হোৱা অভিজিত দাস নামৰ যুৱকজনে জেলৰ পৰা আহি চিধাই এটা বৈদ্যুতিক সংবাদ মাধ্যমত সংবাদ দাতা হিচাপে যোগদান কৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ সহজ ধন ঘটিবলৈ বিভিন্ন জনক ব্লেক মেইল কৰা অভিজিতৰ বিৰুদ্ধে বিভিন্ন তথ্য লাভ কৰা হৈছে।

জেলৰ পৰা অহাৰ পিছতে বৈদ্যুতিক সংবাদ মাধ্যমত সংবাদ দাতা হিচাপে জড়িত কৰা কাৰ্যত বৃহত্তৰ অঞ্চলৰ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰি একাংশ সংবাদ মাধ্যমে সাংবাদিকৰ অভিজ্ঞতাৰ পৰিবৰ্তে জেলৰ ভাত খোৱা বা দালালী কৰাৰ অভিজ্ঞতাকহে প্ৰাধান্য দিয়ে বুলি কটাক্ষ কৰে।

বাইহাটা চাৰিআলি আৰক্ষীয়ে ৰিজু প্ৰসাদ শৰ্মাৰ অভিযোগৰ ভিত্তিত গোচৰ নং ৬৫/২৩ আৰু ১২০বি, ৪২০, ২৯৪, ৩৮৪, ৫০৬/৩৪ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ ভূমি ক্ৰয় বিক্ৰয়ত দালালক ধন দিব লগা, গুণ্ডা-কৰ দিব লগা হোৱা বিষয়ে দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপটোক পুনৰবাৰ উদঙাই দিছে।

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত দালাল বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ
মন্ত্ৰী অশোক সিংহালক পহু খেদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in