মন্ত্ৰী অশোক সিংহালক পহু খেদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

মন্ত্ৰীগৰাকীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে আগভেটি ধৰি বি টি আৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অশোক সিংহালক পহু খেদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ,ঢেকিয়াজুলিঃ গুৱাহাটীত হেলিকাপ্টাৰত উঠি আকাশ মাৰ্গেৰে বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰি চমক দিয়া মন্ত্ৰী অশোক সিংহালৰ দিন বেয়া চলিছে গৃহ সমষ্টিত ৷ বৃহস্পতিবাৰে গৃহ সমষ্টিৰ ঢেকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত উপস্থিত হ'বলৈ যোৱা মন্ত্ৰী অশোক সিংহালে খালে পহু খেদা ৷

Advertisment

ইমানেই নহয় মন্ত্ৰীগৰাকী অপদস্থ হ'বলগীয়া হয় ৷ উল্লেখ্য যে মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলিৰ প্ৰজা পথাৰ গাওঁত উপস্থিত হৈছিল। ধুলা কাণ্ডত মৃত্যু হোৱা দূৰ্ভগীয়া আৰতি তুৰিৰ বাসগৃহত উপস্থিত হৈ চৰকাৰে প্ৰদান কৰা ঘৰ উদ্ধোধনী অনুষ্ঠানৰ বাবে গৈছিল মন্ত্ৰীগৰাকী ৷

গৃহ উদ্ধোধন হোৱা পিছতেই লাগিল খেল মেলি ৷ মন্ত্ৰীগৰাকীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে আগভেটি ধৰি বি টি আৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে ৷ ইমানেই নহয় মন্ত্ৰীগৰাকী অপদস্থ হ'বলগীয়াও হয় বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগীয়া হয় ৷ মন্ত্ৰীগৰাকীক আছাৰ কৰ্মীৰ সকিয়নী বি টি আৰ প্ৰসংগত আলোচনা নকৰাকৈ অনাগত দিনত পুনৰ এই পৰিস্থিতিৰ সন্মূখীন হ'বলগীয়া হ'ব বুলি সকিয়নী প্ৰদান কৰে ৷ তাৰোপৰি এই আৰম্ভণি হে বুলি কয় আছাৰ কৰ্মকাৰ্তাসকলে ৷

Also Read: ছাগলী চোৰ আহিল বিলাসী গাড়ীৰে, ৰাইজে দিলে উত্তম-মধ্যম

ashok singhal