ডিমৰীয়াৰ কাৰ্বিসকলে পালন কৰিলে চৰং লাং কাপালো...

উজ্বলিল পৰম্পৰাগত সংস্কৃতি

author-image
Asomiya Pratidin
New Update
ডিমৰীয়াৰ কাৰ্বিসকলে পালন কৰিলে চৰং লাং কাপালো...

ডিমৰীয়াৰ কাৰ্বিসকলে পালন কৰিলে চৰং লাং কাপালো...

ডিজিটেল সংবাদ সোণাপুৰঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো সমগ্ৰ অসমীয়াই গৰু বিহু হিচাপে পালন কৰি আহিছে। ব্যতিক্ৰম হোৱা নাই মহানগৰীৰ সমীপৰ ডিমৰীয়াও।

Advertisment

বিভিন্ন জনগোষ্ঠীৰ মিলন ভূমি ডিমৰীয়াত কাৰ্বি সকলেও নিজস্ব পৰম্পৰাৰে পালন কৰিলে গৰু বিহু। কাৰ্বিসকলে "চৰং লাং কাপলো" গৰু গা ধুৱা পৰ্বতো পূৰ্বৰ পৰম্পৰা অনুসৰি সম্পন্ন কৰে।

ৰাজ্যবাসীয়ে পুৱাতে গৰু গা ধুৱা ৰীতি-নীতি পালন কৰে যদিও ক্ষেত্ৰীৰ সমীপৰ ভদাইকুছিৰ কাৰ্বি সমাজে দুপৰীয়া ভাগত এই কাৰ্য সম্পন্ন কৰে। তেওঁলোকে কাঠাৰৰ ঘৰত থোৱা পৌৰাণাকি অস্ত্ৰ-সস্ত্ৰসমূহ ধৰ্মীয় ৰীতি, নীতিৰে জুৰিৰ পানীত ধুই-পখালি পূজা- অৰ্চনা কৰাৰ লগতে গৰু গা ধুৱাৰ আগতে বিশেষ নিয়ম সম্পন্ন কৰা হয়।

পিছত গাঁৱৰ প্ৰতি ঘৰ গৃহস্থৰ গৰুসমূহক পাহাৰৰ পৰা বৈ অহা জুৰিত সমূহীয়াকৈ গা ধুৱাই আনন্দ ফূৰ্তি কৰি ৰাইজে একেলগে হৰৰ চুঙাত চুমুক দি নৃত্য-গীতত মগন হয়।এয়াই পৰম্পৰা এয়াই বৰ্ণাঢ্য সংস্কৃতি অসমীয়াৰ।

Also Read: উদং বিহুক এৰাল দিবৰ হ'ল...

ডিমৰীয়া