অপূৰ্ণা নাৰ্জাৰীৰ সফলতা : ভিয়েটনামত ভাৰতীয় ফুটবল দলক নেতৃত্ব দিছে অপূৰ্ণাই

ছিংগাপুৰৰ বিৰুদ্ধে এখন খেলত সন্মুখৰ পৰা নেতৃত্ব দি দুটাকৈ গ'ল দিয়াৰ উপৰিও ভাৰতে খেলখনত ছিংগাপুৰৰ বিৰুদ্ধে ৭ গলত জয়লাভ কৰে
অপূৰ্ণা নাৰ্জাৰীৰ সফলতা : ভিয়েটনামত ভাৰতীয় ফুটবল দলক নেতৃত্ব দিছে অপূৰ্ণাই

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগৰ বনৰগাঁও খাগ্ৰাবাৰী নিৱাসী বিশ্বজিত নাৰ্জাৰী আৰু সতীবালা নাৰ্জাৰীৰ তৃতীয় কন্যা অপূৰ্ণা নাৰ্জাৰীৰ সফলতাৰ কাহিনীয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । ২০ বছৰ অনুৰ্দ্ধৰ এছিয়ান ফুটবল কাপত ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় দলৰ কেপ্টেইন হিচাপে নিৰ্বাচিত হৈ ভিয়েটনামত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি আছে অপূৰ্ণা নাৰ্জাৰী।

কোকৰাঝাৰৰ দৰে অশান্তজৰ্জৰ এলেকাৰ পৰা অপূৰ্ণা নাৰ্জাৰীৰ এই যাত্ৰা আছিল অতিকে কষ্টকৰ । কষ্টকৰ যাত্ৰাৰ অন্তত আজি অপূৰ্ণা নাৰ্জাৰী ২০ বছৰ অনুৰ্ধৰ এছিয়ান ফুটবল কাপ(এএফছি)ত ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় দলৰ কেপ্টেইন হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ছিংগাপুৰৰ বিৰুদ্ধে এখন খেলত সন্মুখৰ পৰা নেতৃত্ব দি দুটাকৈ গ'ল দিয়াৰ উপৰিও ভাৰতে খেলখনত ছিংগাপুৰৰ বিৰুদ্ধে ৭ গলত জয়লাভ কৰে ।

উল্লেখ্য যে ২০০৪ চনত জন্মলাভ কৰা অপূৰ্ণা নাৰ্জাৰীয়ে দোতমা খাগ্ৰাবাৰীৰ ৩২০ নং জে বি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ পৰাই ফুটবল খেলৰ প্ৰতি আকৃষ্ট হৈছিল। খেলিবলৈ তেওঁৰ কোনো ছোৱালী সংগ নথকাত অপূৰ্ণা নাৰ্জাৰীয়ে ল'ৰাৰ সতেই ফুটবল খেলা আৰম্ভ কৰিছিল ।

অপূৰ্ণা নাৰ্জাৰীৰ পিতৃ যিহেতু দোতমা ছোৱালী হাইস্কুলৰ শাৰীৰিক শিক্ষা নিৰ্দেশক তথা প্ৰশিক্ষক সেয়েহে তেওঁৰ কন্যাৰ প্ৰতিভা চিনি পোৱাত ভুল নকৰিলে । প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ হৈ যেতিয়া অপূৰ্ণা নাৰ্জাৰীয়ে হাইস্কুলৰ নামভৰ্তি কৰিলে তেতিয়া দুগুণ উৎসাহেৰে ঘৰৰ পৰা তিনিশ মিটাৰ দূৰত্বত থকা খেলপথাৰত নিয়মিত অনুশীলন আৰম্ভ কৰিলে ।

২০১৬ চনৰ ২০ জুনত অপূৰ্ণা নাৰ্জাৰী কোকৰাঝাৰ ছাই কেন্দ্ৰত নামভৰ্তি কৰে যদিও স্কুলীয়া শিক্ষাৰ বাবে ছাইৰ হোষ্টেলত থাকিব নোৱাৰিলে । প্ৰতিদিনে ৰাতিপুৱাই ১৪ কিলোমিটাৰ চাইকেল মাৰি কোকৰাঝাৰ ছাই কেন্দ্ৰত উপস্থিত হৈ ফুটবলৰ অনুশীলন কৰি পুনৰাই ঘৰলৈ ঘূৰি যায় আৰু বিদ্যালয়ৰ শ্ৰেণীসমুহত উপস্থিত থাকে ।

বিদ্যালয় ছুটী হোৱাৰ পিছত পুনৰ আবেলি অনুশীলনত উপস্থিত থাকিবলৈ চাইকেল চলাই আহে । তেনেকৈ দিনটোত চাৰিবাৰ চাইকেলেৰে অহা -যোৱা কৰা অৰ্থাৎ প্ৰতিদিনে প্ৰায় ৬০ কিলোমিটাৰ চাইকেল চলাই অনুশীলনত উপস্থিত থাকিছিল অপূৰ্ণা নাৰ্জাৰী।

ফুটবল খেলৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণে সকলো কষ্ট হেলাৰঙে মানি লোৱা অপূৰ্ণা নাৰ্জাৰীয়ে জিলা আৰু ৰাজ্যিক ভিত্তিত খেলি সফলতা লাভ কৰে । ২০১৬ , ২০১৭ আৰু ২০১৮ চনলৈ অপূৰ্ণা নাৰ্জাৰীয়ে ছাইতে প্ৰশিক্ষণ গ্ৰহণ কৰে । ২০১৭ চনৰ পৰা অপূৰ্ণা নাৰ্জাৰীয়ে ফুটবলত দুৰন্ত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে ।

সুব্ৰতকাপ খেলা অপূৰ্ণা নাৰ্জাৰীয়ে ইয়াৰ পৰবৰ্তী পৰ্যায়ত ঝাৰখণ্ড , জামছেদপুৰত হোৱা প্ৰতিযোগিতাত অংশ লৈ সফলতা লাভ কৰে। ২০২১ চনত ভাৰতীয় দলৰ হৈ বাংলাদেশ , ২০২২ চনত নেপাল , ২০২৩ চনত চুইডেন আৰু এতিয়া ২০২৪ চনত ভাৰতীয় দলৰ হৈ ভিয়েটনামত খেলি আছে ।

২০ বছৰ অনুৰ্দ্ধ এ এফ চি কোৱালিফাইং ৰাউণ্ডত ভাগ লোৱা ভাৰতীয় দলৰ কেপ্টেইন হিচাপে নিৰ্বাচিত হৈ অপূৰ্ণা নাৰ্জাৰী আজি ভাৰতক সন্মুখৰ পৰা নেতৃত্ব দি ছিংগাপুৰক ৭-০ গ’লত পৰাস্ত কৰে । ইয়াৰে ভিতৰত দুটাকৈ গ’ল দিয়ে অপূৰ্ণা নাৰ্জাৰী নিজেই ৷ সকলোৱে সংগঠিত ৰূপত খেলিলে অনাগত খেলসমূহত বিজয় সম্ভৱ আৰু এইবেলি ভাৰতৰ বিজয় ধ্বজ্জা উৰুৱাবলৈ তেওঁলোক সফল হ'ব বুলি অৱগত কৰিছে অপূৰ্ণা নাৰ্জাৰীয়ে।

ইপিনে কন্যাৰ সাফল্যত আনন্দিত আৰু গৌৰৱান্বিত হোৱা পিতৃ বিশ্বজিত নাৰ্জাৰীয়ে কয় যে "তেওঁৰ কন্যা অপূৰ্ণা নাৰ্জাৰী দোতমা বডোফা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ৰ স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত আৰু খেলৰ বাবেই পৰীক্ষা দিয়া নহ'ল । প্ৰতিজন খেলুৱৈৰে এই অসুবিধা আহে । পৰীক্ষা যিহেতু আৰম্ভ হৈছে আৰু তাই দেশৰ বাবে ভিয়েটনামত খেলি থকা বাবে পৰীক্ষা দিয়া সম্ভৱ নহ'ব । সেয়েহে চৰকাৰে প্ৰতিগৰাকী খেলুৱৈক বিশেষ ব্যৱস্থাৰে পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰিলে খেলুৱৈ সমাজৰ সহায়ক হ'ব" বুলি মন্তব্য কৰিছে অপূৰ্ণাৰ পিতৃ বিশ্বজিত নাৰ্জাৰীয়ে ।

অপূৰ্ণা নাৰ্জাৰীৰ সফলতা : ভিয়েটনামত ভাৰতীয় ফুটবল দলক নেতৃত্ব দিছে অপূৰ্ণাই
নাৰায়ণপুৰৰ বৃদ্ধাশ্ৰম প্ৰশান্তি ধামত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in