নাৰায়ণপুৰৰ বৃদ্ধাশ্ৰম প্ৰশান্তি ধামত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানটিত মহিলা কোষৰ সদস্যা সকলে বৃদ্ধাশ্ৰমৰ আবাসীসকলৰ লগত মনৰ ভাৱ বিনিময় কৰে
নাৰায়ণপুৰৰ বৃদ্ধাশ্ৰম প্ৰশান্তি ধামত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ মহিলা সুৰক্ষা কোষৰ উদ্যোগত বুধবাৰে নাৰায়ণপুৰৰ বৰপথাৰস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান ডিক্ৰং ভেলী এনভাইৰনমেন্ট এণ্ড ৰুৰেল ডেভলপমেন্ট চছাইটিৰ বৃদ্ধাশ্ৰম "প্ৰশান্তি ধাম"ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । সমূহীয়া প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা নাৰী দিৱসৰ অন্তৰংগ অনুষ্ঠানত সভাপতিত্ব কৰে মহিলা সুৰক্ষা কোষৰ সভানেত্ৰী ৰম্ভা বৰা শইকীয়াই ।

অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানটিত মহিলা কোষৰ সদস্যা সকলে বৃদ্ধাশ্ৰমৰ আবাসীসকলৰ লগত মনৰ ভাৱ বিনিময় কৰে । আবাসীসকলৰ মাজত মহিলা কোষৰ তৰফৰ পৰা পুৱাৰ চাহ-জলপান যোগান ধৰাৰ লগতে এখনিকৈ বস্ত্ৰৰে প্ৰতিগৰাকী বৃদ্ধাক সম্বৰ্দ্ধনা জনোৱা হয় ।

মহিলা কোষৰ  সম্পাদিকা দুলুমনি বৰুৱা শইকীয়াই আঁত ধৰা কাৰ্যসূচীত মহিলা কোষৰ কোষাধ্যক্ষা নিকুঞ্জ দত্ত, উপ-সভানেত্ৰী নিৰুপমা বৰা , উপদেষ্টা ভাৰতী হাজৰিকা , আইন উপদেষ্টা অমি বৰা , সহকাৰী সম্পাদিকা অমলা গোস্বামী আৰু মীৰা নামচুং প্ৰমুখ্যে সদস্যাসকল উপস্থিত থাকে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গহপুৰৰ কলাবাৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি গোট আৰু মহিলা কোষৰ তৰফৰ পৰা প্ৰশান্তি ধাম বৃদ্ধাশ্ৰমৰ আবাসীসকলক আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে একাপ চাহ আৰু দুপৰীয়াৰ এসাজ আহাৰেৰে আপ্যায়ণ কৰা হয় ।

এই সময়ছোৱাত আবাসী আৰু মহাবিদ্যালয় শিক্ষক গোট আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সদস্যসকলৰ লগত হোৱা অন্তৰংগ আলাপত আবাসীসকলে দিহানাম,বিয়ানাম,বিহু নৃত্য পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে। ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ কাৰ্যসূচী বিষয়া ড° পাৰ্থপ্ৰতীম শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত কলাবাৰী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিমান হাজৰিকা,মহিলা কোষৰ সম্পাদিকা কৰবী দাস,সদস্যা ৰুবী দাস,উপাধ্যক্ষ যতীন ভূঞা ,অধ্যাপক সঞ্জীৱ কাকতি,ৰবীন গগৈ,ডিম্বেশ্বৰ বৰদলৈ,প্ৰশান্ত দাস,নিৰোদ ফুকন,খগেন ভৰালী প্ৰমুখ্যে ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ সদস্যসকল উপস্থিত থাকে।

ইফালে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ভাৰতীয় ফিজিঅ'থেৰাপী সন্থাৰ মহিলা কোষৰ লখিমপুৰ জিলা শাখাৰ উদ্যোগত আৰু ভোগপুৰ ফিজিঅ'থেৰাপী ক্লিনিকৰ সহযোগত প্ৰশান্তি ধামৰ আবাসী বৃদ্ধাসকলৰ মাজত বিনামূলীয়া ফিজিঅ'থেৰাপী সেৱা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি চিকিৎসা প্ৰদান কৰে। ফিজিঅ'থেৰাপী চুড়ান্ত বৰ্ষৰ ছাত্ৰ নৱপল্লৱ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত ডা০ লিপিকা বৰা,ডা০ ফাইজনুৰ আহমেদ,ভোগপুৰ ফিজিঅ'থেৰাপি ক্লিনিকৰ স্বত্বাধিকাৰ প্ৰাণজিত বৰা উপস্থিত থাকে।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বৃদ্ধাশ্ৰম "প্ৰশান্তি ধাম" ত উপস্থিত হৈ অনুষ্ঠানৰ আয়োজন কৰি আবাসীসকলৰ লগত সমগ্ৰ দিনটো আনন্দ ফুৰ্তিৰ মাজেৰে অতিবাহিত কৰা কেউটা অনুষ্ঠানৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰশান্তি ধাম বৃদ্ধাশ্ৰমৰ পৰিচালক দ্বীপেন বৰুৱাই।

নাৰায়ণপুৰৰ বৃদ্ধাশ্ৰম প্ৰশান্তি ধামত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
সন্মিলিত কৃষক শক্তি অসম আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in