পান কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব আধাৰ কাৰ্ড : আয়কৰ বিভাগ

দেশৰ জনতালৈ আয়কৰ বিভাগৰ চূড়ান্ত সকিয়নী। পান কাৰ্ড ব্যৱহাৰকাৰীসকলে শীঘ্ৰেই আধাৰ কাৰ্ডৰ লগত

author-image
Asomiya Pratidin
New Update
পান কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব আধাৰ কাৰ্ড : আয়কৰ বিভাগ

ডিজিটেল ডেস্কঃ দেশৰ জনতালৈ আয়কৰ বিভাগৰ চূড়ান্ত সকিয়নী। পান কাৰ্ড ব্যৱহাৰকাৰীসকলে শীঘ্ৰেই আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰিব লাগিব তেওঁলোকৰ পান কাৰ্ডসমূহ।

আয়কৰ বিভাগে এক বিবৃতিযোগে জানিবলৈ দিয়ে যে, চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বেই জনসাধাৰণে তেওঁলোকৰ পান কাৰ্ডসমূহ আধাৰৰ লগত সংযুক্ত কৰিব লাগিব। অন্যথা নিষ্ক্ৰিয় হৈ পৰিব পান কাৰ্ডসমূহ।

ইয়াৰোপৰি উক্ত সময়সীমাৰ পাছত যদিহে পান নম্বৰ বেংকৰ লেনদেনৰ লগত জড়িত হৈ আছিল সেয়াও বন্ধ হ'ব বুলি বিবৃতিত প্ৰকাশ কৰে। ইয়াৰোপৰি আয়কৰ ৰিটাৰ্নৰ ক্ষেত্ৰতো সৃষ্টি হ'ব জটিলতা।

অৱশ্য পান আৰু আধাৰ কাৰ্ড সংযুক্ত প্ৰক্ৰিয়াৰ বাবে গ্ৰাহকে মাছুল ভৰিব লাগিব বুলিও উল্লেখ কৰে।

আৰু পঢ়কঃবাল্য বিবাহৰ বাবে মানকাচৰত মহিলা আত্মহত্যা ঘটনাৰ নতুন মোৰ

PAN CARD income tax aadhar card