/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/be700f6a-7924-4d33-b26a-4799bb75b20e/pub_kamrup_new.jpg)
ডিজিটেল সংবাদ দুমুনিচকীঃ বৃহত্তৰ মালিবাৰীৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলৰ একাংশ পুৰোধা ব্যক্তিৰ নিৰলস প্ৰচেষ্টাৰ ফলত ১৯৭০ চনত প্ৰতিষ্ঠা লাভ কৰিছিল অগ্ৰনী শিক্ষানুষ্ঠান পূব কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ে ।বিদ্য়ালয়খনিৰ দেওবাৰে সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কৰা হয়। উচ্চ শিক্ষাৰে শিক্ষিত বিভিন্নজনে বুনিয়াদী শিক্ষা গ্ৰহন কৰা কামৰূপ জিলাৰ মালিবাৰী পূব কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে এখন শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6b5d1347-f8d4-4e6b-a2d3-7e0e20b9ecfa/6c7cd504_a983_4ab2_a861_9d4f3d5f5ce5.jpg)
বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসহ প্ৰায় ডেৰ শতাধিক লোকে উক্ত শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথৰ সভাপতিত্বত দিনৰ প্ৰায় ১-৩০ বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত স্থানীয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, তিতকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰী সংগীতা গোস্বামী, গিৰীশ বনীয়া, ৰঞ্জিত ঠাকুৰীয়া প্ৰমুখ্যে আন কেইবাজনো জ্যেষ্ঠ লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/38585583-9f97-47e5-9380-34282169e553/f8b0fdae_3ce4_471e_946c_28ac0ad092f6.jpg)
প্ৰাক্তন ছাত্ৰ ৰুক্ম ৰাম নাথে আঁত ধৰা অনুষ্ঠানত বিধায়ক দিগন্ত কলিতাই সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্য্যসূচী ৰূপায়ণ কৰে। বিধায়ক কলিতাই বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বাবদ নিজাববীয়াকৈ পঞ্চাছ হাজাৰ টকা অনুদান আগবঢ়ায়। ইয়াৰ উপৰি উদযাপন সমিতিৰ তৰফৰ পৰা বিদ্যালয়ৰ কেইবাটাও সমস্যা সমাধানৰ দাবী উত্থাপনেৰে বিধায়ক কলিতাক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fd00176a-a1e2-476d-a511-e9bbccf62657/2e96753c_3495_4b90_bb19_ac2714b1e0ad.jpg)
সম্প্ৰতি ৫৩ বছৰ অতিক্ৰম কৰিবলৈ আগবঢ়া বিদ্যালয়খনৰ চৌহদ চিনাক্ত তথা চৌহদৰ বেৰ দিয়াৰ দাবী অন্যতম। বিদ্যালয় চৌহদৰ ভূমি চিনাক্ত কৰি পকী বেৰৰ ব্যৱস্থা কৰাৰ উপৰি বিধায়ক কলিতাই স্মাৰক পত্ৰত উল্লেখ থকা বিদ্যালয়ৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
আনহাতে শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থকা তিতকুছি পঞ্চায়তৰ সভানেত্ৰী সংগীতা গোস্বামীয়ে কম দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ চাইকেল থোৱা ঘৰ এটা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অনুষ্ঠানত মুকলি কৰা ৰচিদ বহীৰ প্ৰথম খিলা পাত নিলাম যোগে দহ হাজাৰ এশ দহ টকাত ক্ৰয় কৰে উমেশ নাথে।
উল্লেখ্য যে অনুষ্ঠানৰ পূৰ্বে পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ফৰিদ আলীয়ে। সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথে। দিনৰ দহ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে অৱসৰ প্ৰাপ্ত শিক্ষক বিপিন চন্দ্ৰ নাথ আৰু ৰঞ্জিত ঠাকুৰীয়াই। ইয়াৰ পিছতেই বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে।
Also Read: শেৱালী দেৱীৰ ১০৫ কোটি টকাৰ কেলেংকাৰী; চিএম ভিজিলেন্সে তলব কৰিলে কাক কাক...