কাজিৰঙাত দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল বুজন পৰিমানৰ কাঠ

বন বিভাগৰ চকুত ধূলি দি কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে বন মাফিয়াই

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল বুজন পৰিমানৰ কাঠ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল অবৈধভাৱে সৰবৰাহ কৰা বুজন পৰিমানৰ কাঠ ৷ উল্লেখযোগ্য যে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত দীৰ্ঘ দিন ধৰি চলি আহিছে অবাধ বন ধ্বংস ৷

Advertisment

অভিযোগ অনুসৰি বন বিভাগৰ চকুত ধূলি দি কাৰ্বি আংলঙৰ পৰা নিতৌ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে বন মাফিয়াই ৷ আন দিনৰ দৰে চোৰাং কাঠ কঢ়িয়াই অনা এখন ট্ৰাক পথৰ ওপৰতে বাগৰি ফৰেষ্ট কেম্প এলেকাত ৷

বুধবাৰে সংঘটিত দুৰ্ঘটনাৰ পাছত কাৰ্বি আংলং বন বিভাগৰ লোক ঘটনাস্থলীত উদ্ধাৰ হয় যদিও ট্ৰাকখনৰ চালক হেন্দিমেনে ইতিমধ্যে পলায়ন কৰে ৷ বনকৰ্মীয়ে ট্ৰাকখনৰ সৈতে জব্দ কৰে ৩৫ টা কাঠৰ ফান্টা ৷ কাৰ্বি আংলং বন বিভাগে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS 04 A 7877 ৷

Also Read: সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ

assam forest department forest mafia