সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ

সুৰামত্ত পুত্ৰৰ হাতত পিতৃ নিধন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ

ডিজিটেল সংবাদ,নামৰূপঃ অসহনীয়। পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল পিতৃৰ। এই ঘটনা সংঘটিত হৈছে নামৰূপ থানাৰ অন্তৰ্গত হাপজান চাহ বাগিচাত।

সুৰামত্ত পুত্ৰৰ হাতত পিতৃ নিধন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নামৰূপ আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা প্ৰায় ৮-০০ বজাত হাপজান চাহ বাগিচাৰ মুৰাৰি লাইনৰ বাসিন্দা জোছনেল মুৰাৰি(৩০)  আৰু পিতৃ ৰামমুক্তা মুৰাৰিৰ(৬০)ৰ  মাজত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হয়।

কাজিয়াই এনে পৰ্যায় পায়গৈ অৱশেষত পুত্ৰই  কাষতে পোৱা এডাল লাঠিৰে  পিতৃৰ  মূৰত প্ৰচণ্ড মাৰ শোধোৱাত পিতৃ ৰামমুক্তা মাটিত পৰি যায় আৰু প্ৰাণ বায়ু ওলাই যায়। ঘটনা সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে খবৰ পোৱাত তৎক্ষণাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত আৰক্ষী দল ঘটনা থলিত উপস্থিত হয়।

আৰক্ষীয়ে সুৰামত্ত হত্যাকাৰী পুত্ৰক লগে লগে কৰায়ত্ব কৰে।  লগতে নামৰূপ থানৰ কেচ নং ১৯ত  এটা গোছৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধিআইন ৩০২ ধাৰাৰ অধীনত  হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে ডিব্ৰুগড় জেল হাজোত লৈ প্ৰেৰণ কৰিছে বুলি জনায়।

Also Read: তীব্ৰ বেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে দুই নৱ-বিবাহিত যুৱকৰ

crime Assam police