মূল্যায়ন বহী অবিহনেই অনুষ্ঠিত হ'ল প্ৰথম মূল্যায়ন পৰীক্ষা

মূল্যায়ন বহী অবিহনেই অনুষ্ঠিত হ'ল প্ৰথম মূল্যায়ন পৰীক্ষা

author-image
Asomiya Pratidin
New Update
মূল্যায়ন বহী অবিহনেই অনুষ্ঠিত হ'ল প্ৰথম মূল্যায়ন পৰীক্ষা

ডিজিটেল সংবাদ,ৰহা : কি হৈছে ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ? শিক্ষানুষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিদ্যালয়ত নাই মূল্যায়ন বহী। শিক্ষা বিভাগৰ চৰম গাফিলতিৰ ফলত অন্ধকাৰৰ দিশলৈ আগবাঢ়িছে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত।

Advertisment

এপ্ৰিল মাহতে লাভ কৰিবলগীয়া মূল্যায়ন বহী আজিও লাভ নকৰিলে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে। ইতিমধ্যে প্ৰথম মূল্যায়ন পৰীক্ষা মূল্যায়ন বহী নোহোৱাকৈয়ে অনুষ্ঠিত কৰিলে বিদ্যালয়সমূহে। একাডেমীক কেলেণ্ডাৰ অনুসৰি আজিৰে পৰা অনুষ্ঠিত হ'ব লাগে দ্বিতীয় মূল্যায়ন, কিন্তু বৰ্তমানলৈ শিক্ষা বিভাগে বিদ্যালয়সমূহত যোগান ধৰিবলৈ সক্ষম হোৱা নাই মূল্যায়ন বহী।

কোনো‌‌ কোনো বিদ্যালয়ে বজাৰৰ পৰা ক্ৰ‌য় কৰা বহীৰেই অনুষ্ঠিত কৰিছে পৰীক্ষা। কিন্তু শিক্ষা বিভাগৰ এনে গাফিলতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰহাৰ একাংশ দল সংগঠনৰ লগতে প্ৰাক্তন শিক্ষকসমাজো । নিতৌ নতুন নতুন আঁচনি ঘোষণা কৰা চৰকাৰখনে গুৰুত্বহীন কৰিছে ছাত্ৰ ছাত্ৰীসকলক।‌

এইয়া হয়টো চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ ষড়যন্ত্ৰ !- এই মন্তব্য এগৰাকী প্ৰাক্তন শিক্ষকৰ। লগতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলা বন্ধ কৰিবলৈ দাবী জনাইছে দল সংগঠনসমূহে।

Also Read: বৰদলনি গাঁও পঞ্চায়ত বিলুপ্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ...

raha