বৰদলনি গাঁও পঞ্চায়ত বিলুপ্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ...

বৰদলনি গাঁও পঞ্চায়ত বিলুপ্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বৰদলনিঃ ধেমাজি জিলা ভিতৰত অন্যতম মৌজা হৈছে বৰদলনি মৌজা। বৰদলনি মৌজাত চৰকাৰী কাৰ্যালয় হিচাপে আছে- বৰদলনি উন্নয়ন খণ্ড,ৰাজহ চক্ৰ,সংহত শিশু উন্নয়ন প্ৰকল্পৰ আৰু অসম গ্ৰামীণ জিৱিকা অভিযান বৰদলনি উন্নয়ন খণ্ড, তেনে স্থলত সমষ্টি নিৰ্ধাৰণ ফলত একাংশ সুবিধা বাদী নেতা আৰু চৰকাৰী বিষয়াই মিলি গাঁও পঞ্চায়ত ডিলিমিটেচনৰ জড়িয়তে বৰদলনি গাঁও পঞ্চায়তটো বিলুপ্তিৰ কৰা কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বৰদলনি সচেতন মহলে।

জন্ম লগ্নৰে পৰা ধেমাজি সমষ্টিত বা হৈযোৱা লোকসভা নিৰ্বাচনত বৰদলনি বুঢ়াকুৰী গাঁও এইসকল ৰাইজে ৭৮ নং ধেমাজি সমষ্টিত ভোট প্ৰদান কৰি আহিছে। বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৰদলনি গাঁও পঞ্চায়ত টো কৰ্তন কৰি উক্ত ৱাৰ্ডটো মাছখোৱাৰ উন্নয়ন খণ্ডত অন্তৰ্ভুক্ত কৰি ধেমাজি জিলাত নৱগঠিত হোৱা চিচিবৰগাঁও সমষ্টিলৈ ঠেলি দিছে।

এই কাৰ্যক কোনো কাৰণতে গ্ৰহণ কৰা নাই বৰদলনি এই সকল ৰাইজে। কাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু আৰ্থিক ভাৱে জুৰুলা এইসকল ৰাইজে বুজি উঠিছে যে ১০০ মিটাৰ নিলগত থকা বৰদলনি উন্নয়ন খণ্ড বা বৰদলনি গাঁও পঞ্চায়ত টো এৰি দিলে পিছৰ পৰ্যায়ত বহু সমস্যা হ'ব।

গতিকে বৰদলনি ৰাইজৰ লগতে বুঢ়াকুৰী গাঁৱৰ ভোটাৰে চৰকাৰলৈ আহ্বান আমক বৰদলনি গাঁও পঞ্চায়ত, বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি সমষ্টিতে থাকিবলৈ দিয়ক। যদি এনে নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in