ৰঙিয়াৰ বৈদ্যগড়ত কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ...

ৰঙিয়াৰ বৈদ্যগড়ত কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ বৈদ্যগড়ত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে ৯০ সংখ্যক কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। স্থানীয় তৰণীস্থিত শাখা সেৱাশ্ৰম প্ৰাঙ্গনত বৈদ্যগড় চক্ৰৰ উদ্যোগত তদুপলক্ষে অনুষ্ঠিত কৰা হয় ১২ ঘণ্টীয়া কৃষ্ণগুৰুএকনাম অখণ্ড কীৰ্তনৰ।

পুৱা ৬বজাৰ পৰা ৰূপায়িত অখণ্ড কীৰ্তনৰ সমান্তৰালভাৱে ৰূপায়ণ কৰা হয় আন কেইবাটাও কাৰ্যসূচী। সেই অনুসৰি সেৱাশ্ৰম চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে ভাৰত ভূটান আন্তৰাষ্ট্ৰীয় পথৰ যাত্ৰীসকলৰ মাজত পায়স বিতৰণ কৰা হয়। সন্ধিয়া ৬ বজাত সামৰণি হ'বলগীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ পাছতে বন্তি প্ৰজ্বলনৰে মহোৎসৱৰ পৰিসমাপ্তি ঘটে ।

ৰঙিয়াৰ বৈদ্যগড়ত কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ...
কানপুৰৰ ১০খন বিদ্যালয়ত বোমা ! ই-মেইলযোগে ভাবুকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in