কাজিৰঙাৰ ষষ্ঠ সংযোজনতো দুদিনীয়াকৈ অনুষ্ঠিত হ'ল পঞ্চম জলচৰ পক্ষী গণনা.....‌

কাজিৰঙাৰ ষষ্ঠ সংযোজনতো দুদিনীয়াকৈ অনুষ্ঠিত হ'ল পঞ্চম জলচৰ পক্ষী গণনা.....‌
কাজিৰঙাৰ ষষ্ঠ সংযোজনতো দুদিনীয়াকৈ অনুষ্ঠিত হ'ল পঞ্চম জলচৰ পক্ষী গণনা.....‌

ডিজিটেল সংবাদ জানুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পঞ্চম জলচৰ পক্ষী গণনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পঞ্চম কাজিৰঙা পক্ষী গণনাত উদ্যানখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে ।

অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত তিনি শতাধিক গণনাকাৰীক পক্ষী গণনা প্ৰক্ৰিয়াত এইবাৰ নিয়োজিত কৰা হৈছে।সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰ তথা বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলত অধিস্থিত বিশ্বনাথ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বন শিবিৰ সমূহতো বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ হয় ২০২২-২৩ বৰ্ষৰ পক্ষী গণনা প্ৰক্ৰিয়া ।

এই গাণনিক প্ৰক্ৰিয়াত বিভিন্ন বেচৰকাৰী সংস্থা, Wild heart Foundation, TSA India, AWRRO, প্ৰকৃতিপ্ৰেমীসহ বহু কেইজন পক্ষী বিশেষজ্ঞ‌ই অংশগ্ৰহণ কৰে। ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথমটো গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০২১-২২ বৰ্ষত হোৱা চতুৰ্থ গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল।

উল্লেখযোগ্য যে, বছৰটোৰ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে যথেষ্ট সংখ্যক পৰিভ্ৰমী চৰাই আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চলত ।

কাজিৰঙাৰ ষষ্ঠ সংযোজনতো দুদিনীয়াকৈ অনুষ্ঠিত হ'ল পঞ্চম জলচৰ পক্ষী গণনা.....‌
ব্ৰিটিছৰ দিনতে নিৰ্মিত শিলঘাট, জখলাবন্ধা ৰে'ল ষ্টেচন আজিও নহ'ল উন্নীত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in