ব্ৰিটিছৰ দিনতে নিৰ্মিত শিলঘাট, জখলাবন্ধা ৰে'ল ষ্টেচন আজিও নহ'ল উন্নীত...

ব্ৰিটিছৰ দিনতে নিৰ্মিত শিলঘাট, জখলাবন্ধা ৰে'ল ষ্টেচন আজিও নহ'ল উন্নীত...
ব্ৰিটিছৰ দিনতে নিৰ্মিত শিলঘাট, জখলাবন্ধা ৰে'ল ষ্টেচন আজিও নহ'ল উন্নীত...

ডিজিটেল সংবাদ কলিয়াবৰ: তাহানিৰ বৃটিছ বন্দৰ নগৰী কলিয়াবৰৰ শিলঘাটৰ পৰা গুৱাহাটী, ধুবুৰী চেন্নাইলৈ যাতায়াত কৰা অতি ব্যস্ত ৰে'ল লাইনত থকা প্ৰথমটো ষ্টেচন শিলঘাট আৰু জখলাবন্ধাৰ ৰে'ল ষ্টেচনটো বৰ্তমানেও আধুনিকিকৰণ নকৰাত ভীষণ সমস্যাই দেখা দিছে। শিলঘাটৰ পৰা নগাঁৱলৈকে ৰে'ল লাইনটোৱে সামৰি লোৱা জখলাবন্ধা, শালনা, চামগুৰি, পুৰণিগুদাম আদি ষ্টেচনসমূহৰ শোচনীয় অৱস্থাই যাত্ৰীসকলক হাৰাশাস্তি দি আহিছে।

বিশেষকৈ বৃহৎ অঞ্চলৰ চাহিদা থকা শিলঘাট আৰু জখলাবন্ধাৰ ৰে'ল ষ্টেচনটো আজি পৰ্যন্ত উন্নীত নকৰাৰ অভিযোগ উঠিছে। দিনে নিশাই দূৰ দূৰণিৰ যাত্ৰীয়ে দৈনিক ভীৰ কৰা শিলঘাট আৰু জখলাবন্ধাৰ ৰে'ল ষ্টেচনটোত বৰ্তমানেও উন্নত পৰ্যায় প্ৰস্ৰাৱগাৰ , শৌচাগাৰ আৰু এটা স্নানাগাৰ প্ৰয়োজন।

জিৰণি ঘৰ, চিকিৎসা কক্ষ থকাৰ উপৰিও নিৰাপত্তা ৰক্ষীৰ প্ৰয়োজন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ষ্টেশন লৈ যোৱা পথটো ষ্ট্ৰীট লাইটসহ পকীকৰণ কৰিব লাগে বুলিও ৰাইজে দাবী তুলিছে। বিশেষকৈ ষ্টেচন দুয়োটি আধুনিকীকৰণ কৰাতো অতিকৈ জৰুৰী হৈ পৰিছে।

স্থানীয় সচেতন ব্যক্তি তথা ৰে'ল যাত্ৰী মঞ্চৰ বিষয়ববীয়া অপূৰ্ব কুমাৰ হাজৰিকাই আজি অভিযোগ কৰি কয় যে, শিলঘাটৰ পৰা নতুন দিল্লী সংযোগী এখন ৰে'লৰ প্ৰয়োজন আছে জখলাবন্ধাত। অতি মাত্ৰা ব্যস্ত ষ্টেচনটোৰ প্ৰস্ৰাৱ গাৰত ৰানিং ৱাটাৰৰ ব্যৱস্থাৰ অতি প্ৰয়োজন।

প্লেটফৰ্মটো উন্নত মানদণ্ডৰ হ'ব লাগে বুলিও লামডিঙৰ মাণ্ডলীক ৰে'ল প্ৰবন্ধক আৰু উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধকক ৰাইজে বহুবাৰ দাবী জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে, ১৯২০ চনতে স্থাপিত শিলঘাট ৰে'ল লাইনটো ১৯৯২ চনত সমূলি চলাচল বন্ধ হৈ পৰিছিল যদিও পুনৰ ২০০৭ চনৰ পৰা মিটাৰগজৰ পৰা ব্ৰডগজলৈ উন্নীতকৰণ কৰি পুনৰ চলাচল আৰম্ভ কৰা হয়।

উল্লেখ্য নগাঁৱৰ বিজেপি সাংসদ ৰাজেন গোঁহাইয়ে ৰাজ্যিক ৰে'ল মন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত কলিয়াবৰীয়া ৰাইজক ৰে'লৱে ষ্টেচনসমূহৰ আধুনিকিকৰণ কৰা হ'ব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি পৰ্যন্ত জখলাবন্ধা ষ্টেচনটো আধুনিকিকৰণ নোহোৱাটো দুৰ্ভাগ্য জনক। আনহাতে শিলঘাট ৰে'ল ষ্টেচনত ৰে'লসমূহ ধোৱা পখলা কৰিবৰ বাবে ২৫ কোটি টকাৰ এটা প্ৰকল্পই অনুমোদন লাভ কৰিছিল যদিও পাছ মুহূৰ্তত প্ৰকল্পটো ৰহস্য জনক ভাৱে অন্তৰ্ধান হ'ল কিয় বুলিও ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন কৰা শুনা গ'ল।

ইয়াৰ বিপৰীতে সপ্তাহত এদিন চেন্নাইলৈ যাত্ৰা কৰা ৰে'ল গাড়ীখনৰ ডবাসমূহ ধুবৰ বাবে গুৱাহাটীলৈ নিব লগা হয়। তাৰ ফলত চৰকাৰী ধনৰ অপচয় হোৱা সকলোৱে দেখিশুণি আহিছে যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

সেয়ে স্থানীয় সচেতন ৰাইজে ৰে'ল ষ্টেচনৰ সমস্যাসমূহ শীঘ্ৰেই সমাধানৰ দাবী তুলিছে। নহ'লে এক গণ আন্দোলন গঢ়ি তোলা হ'ব বুলিও ৰে'ল যাত্ৰী মঞ্চই চৰকাৰক সকীয়নি দিয়ে।

ব্ৰিটিছৰ দিনতে নিৰ্মিত শিলঘাট, জখলাবন্ধা ৰে'ল ষ্টেচন আজিও নহ'ল উন্নীত...
গুৱাহাটীৰ লাচিত ঘাটত দুটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in