/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5842d3be-33d2-4387-99f0-59f9d3cb7b84/delhi_13.jpg)
দিল্লীৰ বান পৰিস্থিতিক লৈ টুইটাৰত কেজৰিৱালক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ...
ডিজিটেল ডেস্কঃ পুনৰ টুইটাৰৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ দিল্লীত বানপানীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ৰাজধানীত বানৰ কৱলত পৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালৰো বাসগৃহ। যমুনা নদীৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীলৈ অধিক ভাবুকি নামি আহিছে।
বিপদসীমাৰ প্ৰায় ৩ মিটাৰ ওপৰেৰে বৈছে যমুনাৰ পানী। এনে পৰিস্থিতিৰ মুখামুখি হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কটাক্ষ কৰি টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গুৱাহাটীত উপস্থিত হৈ অৰবিন্দ কেজৰিৱালে তেওঁক দিল্লীৰ উন্নয়ন পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছিল।
ড০ শৰ্মাই সেই আমন্ত্ৰণৰ বাবে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰি টুইটাৰত পুনৰ লিখিছে, ৰাষ্ট্ৰীয় সংবাদ দূৰদৰ্শনত দিল্লীৰ বৰ্তমানৰ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পিছত মই মোৰ নিজৰ চহৰ গুৱাহাটীত অধিক আৰাম অনুভৱ কৰিছো। ইয়াৰোপৰি তেওঁ অৰবিন্দ কেজৰিৱালৰ কাম চাবলৈ ভয় কৰে বুলিও উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/eab2ef96-e69e-45a4-97f2-b70a9c346d5b/86c66b7a_6377_4de9_bf6a_76832a4aa63f.jpg)
Also Read: শিক্ষাবিদ গোলাপ বৰগোঁহাই পৰলোক প্ৰাপ্তিঃ সোণাৰিত শোকৰ ছাঁ...