চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ

"সত্যক ভয় কৰে এই চৰকাৰে, সেইবাবে আমাৰ কণ্ঠ ৰোধ কৰিব খোজে। সেইবাবেই আমাক সভা কৰিবলৈ নিদিয়ে। কিন্তু তেওঁলোকে নাজানে, আমি মৰিও নমৰোঁ, যুঁজৰ ময়দানৰ পৰা কেতিয়াও আতৰি নাযাওঁ। কাৰণ আমাৰ হাতত আছে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ পতাকা। আমি মহিলাৰ বিৰুদ্ধে হোৱা নিৰ্যাতনৰ প্ৰতিবাদত যুঁজো,আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজো, যি মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ কৰাটোৱেই দুৰ্বিসহ হৈ পৰিছে।"

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ "সত্যক ভয় কৰে এই চৰকাৰে, সেইবাবে আমাৰ কণ্ঠ ৰোধ কৰিব খোজে। সেইবাবেই আমাক সভা কৰিবলৈ নিদিয়ে। কিন্তু তেওঁলোকে নাজানে, আমি মৰিও নমৰোঁ, যুঁজৰ ময়দানৰ পৰা কেতিয়াও আতৰি নাযাওঁ। কাৰণ আমাৰ হাতত আছে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ পতাকা। আমি মহিলাৰ বিৰুদ্ধে হোৱা নিৰ্যাতনৰ প্ৰতিবাদত যুঁজো,আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজো, যি মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ কৰাটোৱেই দুৰ্বিসহ হৈ পৰিছে।" — চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি গুৱাহাটীত অনুষ্ঠিত হোৱা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশত সমিতিৰ কেন্দ্ৰীয় সম্পাদক মৰিয়ম ধাৱালেই এইদৰে কয়।

Advertisment

তেওঁ কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে সকলোৰে বাবে খাদ্য আঁচনিৰ প্ৰচাৰ চলাই কৈছে যে, ৮০ কোটি জনসাধাৰণক বিনামূলীয়া চাউলৰ সুবিধা প্ৰদান কৰা হৈছে, প্ৰকৃততে ২০/২৫ কোটি লোকেহে এই সুবিধা পাইছে।এই সত্য ৰাইজে জনা উচিত। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমাৰ যুঁজ সেইবাবেই অত্যন্ত গুৰুত্বপূৰ্ণ।ভাৰতত সকলোতকৈ বেছি অপুষ্টিজনিত ৰোগত ভোগা মহিলা আৰু শিশু আছে আৰু এয়া ৰাষ্ট্ৰসংঘৰ তথ্য।

আদানী আৰু আম্বানীৰ হাতত দেশৰ প্ৰায়বোৰ সম্পদ বিক্ৰী কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়," ১৫ লাখ কোটি টকাৰ ঋণ নৰেন্দ্ৰ মোদীৰ এই দুই বন্ধুক ৰেহাই দিয়া হৈছে।‌এনে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ মহিলাসকলে বলিষ্ঠ ভূমিকা ল'ব লাগিব। প্ৰধান মন্ত্ৰীক‌ বাধ্য কৰাব লাগিব।"

সমাবেশত অসমৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰৰো অধিক মহিলাই অংশ গ্ৰহণ কৰে। সমাবেশত সভানেত্ৰীত্ব কৰে ৰাজ্যিক সমিতিৰ সভানেত্ৰী ডঃ স্বৰ্ণলতা দাসে। সভাত ৰাজ্যিক উপ সভানেত্ৰী সীমা বিশ্বাসে ভাষণ দি কয় যে, গণতান্ত্ৰিক প্ৰমূল্যক ভৰিৰে মোহাৰি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক গুৱাহাটীৰ মাজেৰে ন্যায় যাত্ৰা কৰিলে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছে।আমি ইয়াৰ প্ৰৱল প্ৰতিবাদ কৰিছোঁ। মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰাৰ প্ৰচেষ্টা চলাই তেওঁ চৰকাৰক সঁকীয়াই দিছে। ৰাজ্যিক সহ সম্পাদক অনু ৰিজালে চৰকাৰৰ গণবিৰোধী নীতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে উদাত্ত ভাষণ দিয়ে।

এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস আৰু অংগনবাদী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰী ইন্দিৰা নেৱাৰেও ভাষণ দিয়ে।‌ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক সম্পাদক নিয়তি বৰ্মনে।

উল্লেখযোগ্য যে, শনিবাৰৰ এই সমাবেশৰ অনুমতি দিয়া হোৱা নাই বুলি অজুহাত দেখুৱাই হঠাতে প্ৰশাসনৰ ফালৰ পৰা সভা বন্ধ‌ কৰাৰ প্ৰচেষ্টা চলোৱা হয় যদিও মহিলাসকলৰ প্ৰৱল বাধাত সেই প্ৰচেষ্টা ব্যৰ্থ হয়। চৰকাৰ-প্ৰশাসনৰ এই কু অভিসন্ধিৰ বিৰুদ্ধে মহিলাসকলে ক্ষোভ ব্যক্ত কৰে।

Also Read: মাজবাটত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

violence against women anti-people policies Democratic Women's Committee