মাজবাটত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মাজবাটত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
মাজবাটত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,ওৰাংঃ দেওবাৰে মাজবাটত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজবাটত ১২ হাজাৰ ৬২টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হয় এই অনুষ্ঠানত। ৫ লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে৷ ৰেচন কাৰ্ড থকাসকলে বিনামুলীয়াকৈ গেছ লাভ কৰিব। ৩০০ টকাকৈ চিলিণ্ডাৰত ৰেহাই পাব হিতাধিকাৰীয়ে৷

Advertisment

ৰেচন কাৰ্ড থকা সকলক অৰুণদই আচনিও দিয়াৰো পৰিকল্পনা মুখ্যমন্ত্ৰীৰ৷ ৰেচন কাৰ্ড থকা সকলে মৃত্যু বিমা আৰু দুৰ্ঘটনা হ'লে দুই লাখ টকাৰ বীমাৰ আচনী দিয়াৰো পৰিকল্পনাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ ৷ লগতে জনাই যে আত্ম সহায়ক গোটৰ সদস্য সকলক দহ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়াৰ কাম কাইলৈৰ পৰা আৰম্ভ হ'ব।

ওদালগুৰিত উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে জনাই যে ফেব্ৰুৱাৰীত ওদালগুৰি লৈ মুখ্যমন্ত্ৰী আহি কেইবাটাও উন্নয়নমূলক আচনিৰ আৰম্ভ কৰিব ৷ অতি শীঘ্ৰেই BTRৰ বাসিন্দাই ভূমিৰ অধিকাৰ লাভ কৰিব।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰে শৰ্মাই। তেওঁ কয় যে, ৰাহুল গান্ধীক আমি বাধা দিয়াৰ কথা মিছা। বৰঞ্চ সহায়হে কৰিছো। ৰাহুলৰ পোষ্টাৰ -বেনাৰ ফলা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে-বিনা অনুমতিত পোষ্টাৰ আৰিলেটো চিঙিবই।

আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে, দৰং - ওদালগুৰি সমষ্টিত বি জে পিয়ে দিব প্ৰাৰ্থীত্ব। ইউ পি পি এলে সমৰ্থন দিব।আনহাতে মাজবাট সমষ্টিৰ বি পি এফৰ বিধায়ক চৰন বড়োকো বি জে পিৰ প্ৰাৰ্থীক সহযোগৰ বাবে মুকলি আহ্বান জনায়। বি পি এফৰ বিধায়ক চৰন বড়োৰ উপস্থিতিতে এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।

Also Read: আফগানিস্তানৰ দুৰ্গমস্থানত দুৰ্ঘটনাগ্ৰস্ত ভাৰতৰ পৰা গৈ থকা বিমান

himanta biswa sarma