অপেক্ষাৰ অন্ত : খান্দি উলিওৱা হ'ল ওদালগুৰিৰ বিভ্ৰান্তিকৰ মৃতদেহটো...

মুখ মণ্ডল আৰু সাজ পোছাকত মৃতদেহটো চিনি পোৱা বুলি ডিম্বেশ্বৰৰ পৰিয়ালৰ ভাষ্য

author-image
Asomiya Pratidin
New Update
অপেক্ষাৰ অন্ত : খান্দি উলিওৱা হ'ল ওদালগুৰিৰ বিভ্ৰান্তিকৰ মৃতদেহটো...

ডিজিটেল সংবাদ, ওদালগুৰিঃ চাৰিদিনীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত খান্দি উলিওৱা হ'ল ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত হোৱা বিভ্ৰান্তিকৰ মৃতদেহটো।শুক্ৰবাৰে আৰক্ষীৰ গুলীত নিহত হৈছিল লোকজনৰ।

কেনাৰাম বসুমতাৰীৰ মৃতদেহ বুলি দাবী কৰিছিল আৰক্ষীয়ে। কিন্তু সংঘৰ্ষৰ পিছদিনা বাক্সাৰ এটা পৰিয়ালে মৃতদেহটো ডিম্বেশ্বৰ মোছাহাৰীৰ বুলি দাবী কৰিছিল। ডিম্বেশ্বৰৰ পৰিয়ালৰ আৱেদনৰ ভিত্তিতেই দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয় মৃতদেহটো। সোমবাৰে সন্ধিয়া প্ৰায় ৬-২৫ বজাত দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয় মৃতদেহটো।

উল্লেখ্য যে, ওৰাঙৰ পাঁচনৈ নদীৰ পাৰত পুতি থোৱা হৈছিল মৃতদেহটো। ডিম্বেশ্বৰৰ পৰিয়ালে ১০০ শতাংশই মৃতদেহটো ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি দাবী কৰে। মুখ মণ্ডল আৰু সাজ পোছাকত মৃতদেহটো চিনি পোৱা বুলি ডিম্বেশ্বৰৰ পৰিয়ালৰ ভাষ্য।

জানিব পৰা মতে বৰ্তমান মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ৰ মৰ্গত ৰখা হ'ব বিভ্ৰান্তিকৰ মৃতদেহটো। মঙলবাৰে দুয়োটা পৰিয়ালৰ উপস্থিত হয়তো গ্ৰহণ কৰা হ'ব পাৰে সিদ্ধান্ত। প্ৰয়োজন সাপেক্ষে DNA পৰীক্ষাও হ'ব পাৰে মৃতদেহৰ।

Also Read: দুৰ্ধৰ্ষ ডকাইত নে সাধাৰণ খেতিয়ক! খান্দি উলিয়ালে এনকাউন্টাৰত নিহত অভিযুক্তৰ মৃতদেহ...

excavate body Assam police