বিচাৰিছিল ৩ হাজাৰ ৩৮ কোটি, দিলে ৮৯৯ কোটিঃ কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা...

বিচাৰিছিল ৩ হাজাৰ ৩৮ কোটি, দিলে ৮৯৯ কোটিঃ কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা...

author-image
Asomiya Pratidin
New Update
বিচাৰিছিল ৩ হাজাৰ ৩৮ কোটি, দিলে ৮৯৯ কোটিঃ কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা...

বিচাৰিছিল ৩ হাজাৰ ৩৮ কোটি, দিলে ৮৯৯ কোটিঃ কেন্দ্ৰৰ অসম প্ৰেমৰ নমুনা...

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতি কেন্দ্ৰৰ দৃষ্টি সলনি হৈছে। কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰে অসমক অধিক গুৰুত্ব প্ৰদান কৰিছে। এয়া আমাৰ কথা নহয়। ৰাজ্যিক বিজেপিৰ নেতা মন্ত্ৰী, বিধায়কে সততে এইদৰে দাবী কৰি আহিছে।

Advertisment

আনকি স্বয়ং প্ৰধানমন্ত্ৰীয়েও অসম তথা উত্তৰ পূৰ্বাঞ্চলক পূৰ্বৰ চৰকাৰৰ তুলনাত অগ্ৰাধিকাৰ দি অহাৰ কথা কৈ আহিছে। কিন্তু প্ৰকৃততে এয়া সত্যনে?

২০২২-২৩ বৰ্ষৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত লাভ কৰা ধনৰ পৰিমানেই এই কথা প্ৰমাণ কৰে। দৰাচলতে কেন্দ্ৰৰ অসমৰ প্ৰতি দৃষ্টি ভংগী সলনি কহোৱা নাই। আজিও বঞ্চনা কৰি আহিছে অসমক।

বিগত বাৰিষাত অসমৰ ৮০ শতাংশতকৈ অধিক অঞ্চল বানৰ কৱলত পৰিছিল। প্ৰাকৃতিক দুৰ্যোগত প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংসৰ হৈ পৰিছিল ডিমা হাছাও।

বৰাক, ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতেই বানে চলাইছিল ধ্বংসলিলা। এনে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিছিল বান সাহায্য।

কেৱল সেয়াই নহয় বিভিন্ন দুৰ্যোগৰ মোকাবিলা কৰিবলৈ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে যোৱা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিছিল ৩০৩৭.৮৬ কোটি টকা।

কিন্তু ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এছ ডি আৰ এফ শিতানত ৬৪৮.৮০ আৰু এন ডি আৰ এফ শিতানত ২৫০ কোটি টকা দিয়েই দায়িত্ব সামৰিলে কেন্দ্ৰই। অৰ্থাত ৩০৩৭.৮৬ কোটিৰ বিপৰীতে কেন্দ্ৰই অসমক দিলে মাত্ৰ ৮৯৮.৮০ কোটি টকাহে। এয়াই কেন্দ্ৰৰ অসম প্ৰেমক নমুনা।

Also Read: ছলমানক ৰক্ষা কৰিব এইখন বিশেষ বাহনেঃ আনিছে বিদেশৰ পৰা...

এন ডি আৰ এফ এছ ডি আৰ এফ