গুৱাহাটী প্ৰেছ ক্লাবত ৰাজনৈতিক বাৰ্তালোচনী "দ্য আছাম টুডে"ৰ উন্মোচন...

ৰাজ্যখনৰ আগশাৰীৰ প্ৰকাশন বৰ্ণ প্ৰিন্টাৰ্চ এণ্ড পাব্লিচাৰ্ছৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৰাজনৈতিক মাহেকীয়া আলোচনী...
গুৱাহাটী প্ৰেছ ক্লাবত ৰাজনৈতিক বাৰ্তালোচনী "দ্য আছাম টুডে"ৰ উন্মোচন...

ডিজিটেল ডেস্ক: ৰাজ্যখনৰ এক অন্যতম প্ৰকাশন বৰ্ণ প্ৰিন্টাৰ্চ এণ্ড পাব্লিচাৰ্ছৰ উদ্যোগত শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৰাজনৈতিক মাহেকীয়া বাৰ্তালোচনী "দ্য আছাম টুডে"। আলোচনীখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সমালোচক বুদ্ধিজীৱী ময়ুৰ বৰাই।

উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে জেষ্ঠ সাংবাদিক গৌতম শৰ্মা, ৰণেণ গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, দ্য আছাম টুডেৰ মূখ্য সম্পাদক (অবৈতনিক)ৰবচন বৰুৱা, আইন উপদেষ্টা অনন্ত মেধী। সাংবাদিক ধীৰাজ ডেকাৰ ভক্তিমূলক গীতৰে আৰম্ভ হোৱা সভাত উন্মোচনী ভাষণত ময়ুৰ বৰাই অসমীয়া আলোচনীৰ গতিধাৰা, ক্ৰমবিকাশৰ লগতে আলোচনী সমূহৰ বিভিন্ন উত্থান-স্থানৰ লগতে সাম্প্ৰতিক সময়ত অসমীয়া কাকত আলোচনীৰ সকলো দিশ সামৰি মন্তব্য আগবঢ়ায়।

তদুপৰি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ লগতে আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক গৌতম শৰ্মাই অসম, অসমীয়া আৰু জাতীয়তাবাদৰ ওপৰত মন্তব্য আগবঢ়ায়। সমান্তৰালভাৱে দুয়োজনে অসমীয়া কাকত আলোচনীৰ বৰ্তমান দিশটোৰ ওপৰতো মত প্ৰকাশ কৰাৰ পৰিলক্ষিত হয়। প্ৰায় অৰ্ধেক গুনী-জ্ঞানী আৰু জাতীয়বোধৰে সংপৃক্ত লোকৰ উপস্থিতিৰে অনুষ্ঠিত উন্মোচনী সভাখন সামৰণি পৰে দ্য আছাম টুডেৰ সম্পাদক অৱিনাশ শৰ্মাৰ শলাগৰ শৰাইৰে।

উল্লেখ্য যে, আলোচনীখনে পঢ়োৱৈ সমাজৰ ওপৰত সু-প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে উপস্থিত লোকসকলে। প্ৰতিমাহৰ ১ তাৰিখে বজাৰত উপলব্ধ হ'বলগীয়া এই আলোচনীখনৰ প্ৰথম সংখ্যা ইতিমধ্যেই উপলব্ধ হৈছে ৰাজ্যৰ বিভিন্ন কিতাপৰ দোকানত।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাজনৈতিক বাৰ্তালোচনী "দ্য আছাম টুডে"ৰ উন্মোচন...
৭ আগষ্টত উন্মোচন হ’ব “অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা” আৰু “SAURAV KUMAR CHALIHA”…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in