বুদ্ধিজীৱি নহয়, গাওঁৰ ঘৰত কাম কৰা মহিলাক সুধি বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে...

গেৰুৱা বসন পিন্ধি কমল কুমাৰ মেধিৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ বন্দনা
গেৰুৱা বসন পিন্ধি কমল কুমাৰ মেধিৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ বন্দনা
গেৰুৱা বসন পিন্ধি কমল কুমাৰ মেধিৰ মুখত হিমন্ত বিশ্ব শৰ্মাৰ বন্দনা

ডিজিটেল ডেস্কঃ বহুদিনৰে পৰা চলি অহা চৰ্চাত মোহৰ মাৰি অৱশেষত বিজেপিত যোগদান কৰিলে কমল কুমাৰ মেধিয়ে। বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কমল কুমাৰ মেধিৰ লগতে কংগ্ৰেছ নেতা কুলদ্বীপ বৰুৱাইও যোগদান কৰিলে বিজেপিত। বিজেপিত যোগদান কৰিয়েই কমল কুমাৰ মেধি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গল।

বিজেপিত যোগদান কৰি কমল কুমাৰ মেধিয়ে কয়- মই বিজেপিলৈ আহোতে কাৰো পৰামৰ্শ লোৱা নাই। কোনো বুদ্ধিজীৱীৰ পৰামৰ্শ লোৱা নাই। বিজেপিত যোগদান কৰিছো গাওঁৰ ঘৰত কাম কৰা মহিলা জনীক সুধিছো। এটা সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলো। এতিয়া সকলোতে কেৱল উন্নয়নৰ বাতৰি। সেয়েহে মই বিজেপিত যোগদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিলো।

মেধিয়ে লগতে কয়- মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছো । অসমৰ উন্নয়নৰ বাবে ৰাজনীতিত এটাই নাম আছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ, আমিতো জোনাকী পৰুৱা। মোক যিমান ট্ৰল কৰে কৰক এতিয়া বিজেপি নকৰি কি কৰিম? মই দল বাগৰিছো কিন্ত কোনোৱে ১ টকা খোৱা বুলি কব নোৱাৰে। কোনো উচ্চাকাংক্ষা নাই মোৰ যি কাম দিয়ে সুচাৰুৰূপে কৰি দেখুৱাম।

উল্লেখ কৰা প্ৰয়োজন যে, বহুদিনৰে পৰা মেধিয়ে বিজেপিত যোগদানৰ চৰ্চা হৈ আছিল যদিও অৱশেষত এই খবৰত আনুষ্ঠানিকভাৱে মোহৰ মাৰে। ইয়াৰ পূৰ্বে মেধি কংগ্ৰেছ, ৰাইজৰ দল, আপৰ সৈতেও ৰাজনৈতিকভাৱে জড়িত হৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in