সুদূৰ ইংলেণ্ডত গুৰুজনাৰ একশৰণ নাম-ধৰ্মক জীয়াই ৰখাৰ প্ৰয়াস

সুদূৰ ইংলেণ্ডত গুৰুজনাৰ একশৰণ নাম-ধৰ্মক জীয়াই ৰখাৰ প্ৰয়াস

author-image
Asomiya Pratidin
New Update
সুদূৰ ইংলেণ্ডত গুৰুজনাৰ একশৰণ নাম-ধৰ্মক জীয়াই ৰখাৰ প্ৰয়াস

ডিজিটেল ডেস্ক : অসম সাহিত্য সভা যুক্তৰাজ্যৰ সৌজন্যত ৭অক্টোবৰত ইংলেণ্ডৰ কিংচ লেঙ্গি কমিউনিটি চেণ্টাৰ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী পালন কৰা হয়। যুক্তৰাজ্য অসম সাহিত্য সভাৰ মঞ্জিৰা চৌধুৰীয়ে আদৰণি ভাষণত গুৰুজনাৰ অমূল্য সম্পদসমূহ প্ৰৱাসী অসমীয়া নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ সকলোকে অনুৰোধ কৰে। তেওঁ গুৰুজনা বিৰচিত এটি হৰিনাম কীৰ্তনৰে অনুষ্ঠানৰ আৰম্ভ কৰে।

Advertisment

অনুষ্ঠানত অসম সাহিত্য সভা যুক্তৰাজ্যৰ উপ-সভানেত্ৰী গীতা বৰুৱাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেওঁ কয়- 'মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এজন ধৰ্মগুৰু অথবা ধৰ্মপ্ৰচাৰকেই নাছিল।তেখেত এজন মহান শিল্পী,গীতিকাৰ লেখক,নাট্যকাৰ,অভিনেতা, সমাজ সংস্কাৰক আছিল।

অৰ্থনৈতিক,শিক্ষা,স্বাস্থ্য আৰু ধৰ্মৰদিশত সাধাৰণ মানুহক গীত-মাত,নাটকৰ মাধ্যমেৰে সজাগতা কৰি অসমীয়া জাতিৰ ভৱিষ্যতৰ হকে কাম কৰা এজন মহান পুৰুষ। আমি প্ৰৱাসী অসমীয়া হোৱাৰ লগতে এক দায়িত্ব আছে। আমাৰ মহাপুৰুষ দুজনাৰ ধৰ্ম-কৃষ্টি-সংস্কৃতি ও পৰম্পৰাক জীয়াই ৰাখিব পাৰো। আমাৰ অনুজসকলৰ মাজত,তেৰাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰ বিশ্ববাসীৰ মাজত অৱ্যাহত ৰাখিব পাৰো ।

যুক্তৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থকা প্ৰৱাসী অসমীয়াৰ গুৰুজনাৰ প্ৰতি থকা অসীম শ্ৰদ্ধা,ভক্তি আৰু আস্থাৰ বাবে বিগত ২৫বছৰে গুৰুজনাৰ জন্মজয়ন্তী উদযাপন কৰিবলৈ সক্ষম হৈছে আৰু তেৰাৰ আৰ্দশ সংস্কৃতিক অনাঅসমীয়াৰ মাজতো প্ৰসাৰৰ বাবে যুক্তৰাজ্য অসম সাহিত্য সভাই প্ৰয়াস কৰি আহিছে।'

ইফালে অনুষ্ঠানটিত এখন কুইজ প্ৰতিযোগিতাৰ আয়েজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত ননী গগৈ আৰু ঋষি চৌধুৰীক অসম সাহিত্য সভা যুক্তৰাজ্যলৈ আগবঢ়াই অহা অমূল্য অৱদানৰ বাবে ফুলাম গামোছাৰে আদৰণি জনায়।

উল্লেখ্য যে, কণমাণি শিল্পী ঊৰ্বি শৰ্মাই এটি ঘোষাৰে সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ কৰে।সুদূৰ আমেৰিকাৰ পৰা অহা সত্ৰীয়া শিল্পী প্ৰিয়দৰ্শনী ইমামীয়ে মাটি আখৰা কিছু মুদ্ৰাৰ লগতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।

সাংস্কৃতিক অনুষ্ঠানত গুৰুদুজনাৰ ৰচিত বৰগীত পৰিৱেশন কৰে আঞ্জীৱ ৰাজখোৱা, ডাঃ ভাস্কৰ দত্ত আৰু চন্দ্ৰমিতা শৰ্মাই। বৰ্নিতা দত্ত,ভৱানী কাকতিৰ লোকগীত আৰু কণমানি তায়েছা দত্তৰ লগতে বহনাৰ সত্ৰীয়া নাচে সকলোকে মুগ্ধ কৰে।

আনহাতে ভানুশ্রী মেধিয়ে গুৰুজনাৰ কৰ্মমুখী শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ বিষয়ে চমুকৈ সাধুকথাৰ শৈলীৰে গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ায়। সাধাৰণ সম্পাদিকা জাহ্নৱী গগৈয়ে অনুষ্ঠানত উপস্থিত থকা সকলোৰে প্ৰতি শলাগৰ শৰাই আগবঢ়ায় । ইয়াৰ পিছতে মাহ-প্ৰসাদ বিতৰণেৰে অনুষ্ঠানৰ সামৰণি মাৰে।

Also Read: অসম আৰক্ষীত ৫ সহস্ৰাধিক চাকৰিৰ বিজ্ঞাপন মুকলি

england asom sahitya sabha sankardeva