অসম আৰক্ষীত ৫ সহস্ৰাধিক চাকৰিৰ বিজ্ঞাপন মুকলি

অসম আৰক্ষীত ৫ সহস্ৰাধিক চাকৰিৰ বিজ্ঞাপন মুকলি

ডিজিটেল ডেস্কঃ চাকৰি প্ৰত্যাশীসকললৈ ভাল খবৰ। অসম আৰক্ষীয়ে শেহতীয়াকৈ পুনৰ মুকলি কৰিছে চাকৰিৰ বিজ্ঞাপন। বিজ্ঞাপন অনুসৰি অসম আৰক্ষীৰ কেইবাটাও বিভাগত মুঠ ৫,৫৬৩টা পদ মুকলি কৰা হৈছে। এই পদসমূহ এছ আই, কনিষ্টবল পৰ্যায়ৰ লগতে কেইবাটাও পদবীৰ হ'ব বুলি উল্লেখ আছে প্ৰকাশিত বিজ্ঞাপনত।

উল্লেখ্য যে, অহা ১৫ অক্টোবৰ, ২০২৩ৰ পৰা ১ নবেম্বৰ, ২০২৩লৈ মুকলি থাকিব এই পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া। লিখিত আৰু শাৰিৰীক দুয়োটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগীয়া এই নিযুক্তি প্ৰক্ৰিয়াত শাৰিৰীক পৰীক্ষাত পিএছটি(PST) তথা পিইটি(PET) দুয়োটা প্ৰক্ৰিয়া সন্নিৱিষ্ট থাকিব বুলি জানিব পৰা গৈছে।

এক নিৰ্দিষ্ট পৰ্যায়ৰ মাজেৰে অনুষ্ঠিত হ'ব লগীয়া অসম আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে slprbassam.in ৱেব চাইট যোগে আবেদন কৰিব পাৰিব প্ৰত্যাশীসকলে। এই সন্দৰ্ভত প্ৰকাশিত অন্যান্য তথ্যৰ বাবে অসম আৰক্ষীৰ উক্ত ৱেব চাইট সময়ে সময়ে পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাইছে বিভাগটোৱে।

অসম আৰক্ষীত ৫ সহস্ৰাধিক চাকৰিৰ বিজ্ঞাপন মুকলি
বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in