ঐতিহাসিক চৰাইদেউত স্বৰ্গদেউসকলৰ সোঁৱৰণত ৪২ শৰাই উচর্গা অনুষ্ঠান...

ঐতিহাসিক চৰাইদেউত স্বৰ্গদেউসকলৰ সোঁৱৰণত ৪২ শৰাই উচর্গা অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক চৰাইদেউত স্বৰ্গদেউসকলৰ সোঁৱৰণত ৪২ শৰাই উচর্গা অনুষ্ঠান...

ডিজিটেল সংবাদ,চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ মৈডাম ক্ষেত্ৰত স্বৰ্গদেউ সকলৰ স্মৃতিত অনুষ্ঠিত কৰি অহা ৪২ খন শৰাই উচৰ্গা কৰা স্মৃতি তৰ্পণ অনুষ্ঠানটি আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷

Advertisment

৭২ সংখ্যক বৰ্ষত পদাৰ্পণ কৰা এই তৰ্পণ অনুষ্ঠানটি সম্পূৰ্ণ পৰম্পৰাগত ৰীতিনীতিৰে উদযাপন কৰা হব ৷ পুৱা স্বৰ্গদেউ সকলৰ উপাসনাস্থলী ঐতিহাসিক লাংকুৰি দেওশালত উপাস্য দেৱতা চোমদেউলৈ প্ৰয়াত ৰমা ৰাজকোঁৱৰ পৰিয়ালবৰ্গই স্থানীয় ভকত- বৈষ্ণৱৰ উপস্থিতি পায়স অৰ্পণ কৰিব৷ ইয়াৰ পিচতেই ধৰ্মধ্বজা স্থাপন, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা আৰু সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশালৈ ভকত- বৈষ্ণৱৰ দ্বাৰা নাম-কীৰ্তন অনুষ্ঠিত হব ৷ ।

৩০ মাৰ্চৰ পুৱা মৈডাম তৰ্পণৰ পিচতেই বান্ ফি আৰু চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা- ডাঙৰীয়া সকলৰ মহান পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ৪২ খন পায়সৰ  শৰাই উৎসৰ্গা কৰা হব ৷উল্লেখ যে,১৯৫২ চনৰ পৰা ধাৰাবাহিকভাৱে ঐতিহাসিক চৰাইদেউ মৈডামথলীত বিয়াল্লিছখন শৰাই দিয়া এই স্মৃতি তৰ্পণ অনুষ্ঠানটি অনুষ্ঠিত কৰি অহা হৈছে

Also Read: 'দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে'

চৰাইদেউ