'দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে'

'দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে'

author-image
Asomiya Pratidin
New Update
'দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে'

ডিজিটেল ডেস্কঃ আই পি এলৰ এইবেলি সংস্কৰণত নিজৰ উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসম সন্তান ৰিয়ান পৰাগ। যোৱা শুকুৰবাৰে দিল্লীৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত ৭টা বাউণ্ডেৰী আৰু ৬টা চিক্সাৰেৰে দৰ্শনীয় ইনিংছ খেলে ৰিয়ানে। ইয়াৰ পাছতে দেশৰ বহু আগশাৰীৰ ক্ৰীড়াবিদে শুভেচ্ছাৰে ভৰাই পেলাইছে ছচিয়েল মিডিয়া।

Advertisment

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে ৰিয়ানক লৈ এক ভৱিষ্যদ্বাণী কৰিছে। সামাজিক মাধ্যমত ইৰফানে লিখিছে যে- দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে।' ইফালে ৰিয়ানৰ প্ৰদৰ্শনক লৈ ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱে এয়া ৰিয়ানৰ নতুন ৰূপ বুলি অভিহিত কৰি ৰিয়ান পৰাগ ২.০বুলি টুইট কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰিয়ান পৰাগে চলিত আই পি এলৰ প্ৰথমখন খেলত ৪৩ৰাণ কৰাৰ লগতে দ্বিতীয় খন মেচত ৪৫টা বলত ৮৪ৰাণ কৰি মন্ত্ৰমুগ্ধকৰ ইনিংছ খেলিছিল। সেয়া যি কি নহলেও, ইৰফান পাঠানে শেহতীয়াকৈ প্ৰদান কৰা ভৱিষ্যদ্বাণীয়ে কিমান বাস্তৱ ৰূপ পায়, সেয়া সময়েহে ক'ব।

ৰিয়ান পৰাগ